Breaking

ওদালগুৰি জিলা সাহিত্য সভাৰ পূৰ্ণাঙ্গ অধিবেশন

0 2,038

ওদালগুৰি জিলা সাহিত্য সভাৰ ২য় বৰ্ষৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাত  ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলাৰ সভাপতি হৰেশ্বৰ কলিতাৰ সভাপতিত্বত ১৯ছেপ্তেম্বৰত অনুষ্ঠিত হৈ যায়। ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক ড° পবিত্ৰ শৰ্মাই আঁতধৰা  উক্ত সভাত ভ্ৰাম্যমাণ পুথিভঁৰালটিৰ শুভাৰম্ভণিৰ সম্পৰ্কে অৱগত কৰে আৰু জিলাখনৰ ২৪ খন শাখাৰ প্ৰতিখনলৈ ৩০ খনকৈ গ্ৰন্থৰ টোপোলা বিতৰণ কৰে ৷ সম্পাদক ড° শৰ্মাই ব্যতিক্ৰমী ভ্ৰাম্যমাণ পুথিভঁড়াল সম্পৰ্কে চিন্তা-চৰ্চাৰ কথা অৱগত কৰি কিদৰে আগবঢ়াই নিব পাৰি এই সন্দৰ্ভত জিলা-শাখাৰ সন্মানীয় বিষয়ববীয়া আৰু সদস্য সকলকো  পৰামৰ্শ আগবঢ়াবলৈ  আহ্বান জনায়৷ ইয়াৰ পাছতেই ওদালগুৰি জিলা সাহিত্য সভাৰ দুবছৰীয়া কাৰ্যকালৰ সময়ত গ্ৰহন কৰা বিভিন্ন কাৰ্যসূচী সম্পৰ্কে সম্পাদক ড° শৰ্মাই সভাত  অবগত কৰে।সভাৰ সিদ্ধান্তমৰ্মে জিলাৰ ২০২০-২২ বৰ্ষৰ পূৰ্ণাঙ্গ অধিবেশনখনি কবিৰালি সাহিত্য সভাৰ আমন্ত্ৰণক্ৰমে ২০২২ বৰ্ষৰ জানুৱাৰীত কবিৰালিত অনুষ্ঠিত হব।ইয়াৰ উপৰিও হাতীগড়,ধনশ্ৰী,চুঙাখুটি শাখা সাহিত্য সভাক নতুন শাখা হিচাপে  সভাৰ জৰিয়তে স্বীকৃতি প্ৰদান কৰে। গল্প সাধনা বঁটা টংলাৰ বিশিষ্ট গল্পকাৰ জয়ন্ত চক্ৰৱৰ্তীক  বামুনজুলি শাখা সাহিত্য সভাৰ উদ্যোগত অহা ৩ অক্টোবৰত অনুষ্ঠিত হব লগা লক্ষ্মীনাথ  বেজবৰুৱাৰ জন্মদিৱসত বঁটা প্ৰদানৰ লগতে গল্প বিষয়ক আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহন কৰে। ইপিনে অহা ১৭ অক্টোবৰত কবি সন্মিলন উপ সমিতিৰ সহযোগত খৈৰাবাৰীৰ ঝাৰগাওঁৰ দক্ষতা বিকাশ কেন্দ্ৰত এখনি কবি সন্মিলনৰ আয়োজন কৰা হৈছে বুলি আহ্বায়িকা ৰঞ্জি শইকীয়া ডেকাই সভাত জানিবলৈ দিয়ে।ইয়াৰ লগতে সভাত ন্যাস পূঁজি,কুঁহি,আকাশ,কবি সন্মিলন উপ সমিতি সমূহৰ আহ্বায়ক সকলে তেওঁঁলোকৰ কামৰ প্ৰতিবেদন দাঙি ধৰে।শেষত জাতীয় সংগীতেৰে সভাৰ সামৰণি পৰে।

Leave A Reply