Breaking

আনুষ্ঠানিক ভাৱে GI টেগ লাভ কৰিলে গামোচাই

0 120

বিগত বছৰৰ শেষৰ ফালে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা জি.আই টেগৰ আজি সৰুসঁজাইৰ ষ্টেডিয়ামত আনুষ্ঠানিক ভাৱে প্ৰদান কৰে প্ৰমাণ পত্ৰ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত উদ্যোগ প্ৰচাৰ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ জৰিয়তে বিভাগীয় দ্বায়িত্বত থকা বিষয়াই এই প্ৰমাণ পত্ৰ প্ৰদান কৰে।

সৰুসঁজাইৰ সহস্ৰাধিক ৰাইজৰ সন্মুখত মুখ্যমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰিলে এই প্ৰমাণ পত্ৰ।

আজি বিহুৰ বিশ্ব ৰেকৰ্ড কৰাৰ পূৰ্বে অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ প্ৰাকক্ষণত এই প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

প্ৰমাণ পত্ৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে অসমবাসীক শুভেচ্ছা প্ৰদান কৰাৰ লগতে সৰুসঁজাইত বিহু চাবলৈ যোৱা প্ৰতিগৰাকী দৰ্শকক এখনি গামোচা ডিঙিত লৈ যাবলৈ আহ্বান জনায়।

Leave A Reply