আজি ২ অক্টোবৰ,গান্ধী জয়ন্তী।৷ চাপৰত গান্ধী জয়ন্তী উদযাপন।আনহাতে আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱসৰ লগত সংগতি ৰাখি এখন সভা আহ্বান কৰে।দেশজুৰি ভিন্ন কাৰ্যসূচীৰে জাতিৰ পিতাক স্মৰণ কৰিছে দেশবাসীয়ে ৷ মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে চাপৰ ইলেক্ট্ৰনিক প্ৰেছ ক্লাৱৰ উদ্যোগত ৰাতিপুৱা গান্ধীজীৰ প্ৰতিচ্ছবি মাল্যাৰ্পন অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰেছ ক্লাবৰ সদস্যই। দিনযোৰা কাৰ্যসূচীৰে চাপৰ ইলেক্ট্ৰনিক প্ৰেছ ক্লাৱত গান্ধী জয়ন্তী উদযাপন। উল্লেখ্য যে মহামানৱ মহাত্মা গান্ধীৰ জনজয়ন্তী উপলক্ষে ৰাতিপুৱাই চাপৰ ইলেক্ট্ৰনিক প্ৰেছ ক্লাবৰ সভাপতি সাহ আলম খানে পতাকা উত্তোলন কৰে। মূখ্য অতিথী হিচাপে থাকে গিতালী বৰুৱা , চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তছিম উদ্দিন আহামেদ আৰু বহু সংখ্যক সমাজকৰ্মী ।



