দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিন উপলক্ষে পালন কৰি অহা ২০ দিনীয়া সেৱা সমৰ্পন কাৰ্যসূচীৰ লগত সংগতি ৰাখি ২ অক্টোবৰ “গান্ধী” জয়ন্তীৰ দৰে গুৰুত্বপূৰ্ণ দিনত ভাৰতীয় জনতা পাৰ্টী পাচনৈ চেৰফাং মণ্ডল কমিটিৰ উদ্যোগত মাজবাট স্থিত ভাৰত ৰত্ন ড°ভূপেন হাজৰিকা,নেতাজী সুভাষ চন্দ্ৰ বসু আৰু বীৰচা মুণ্ডা দেৱৰ প্ৰতিমূৰ্তি কেইটা চাফ চিকুন কৰা হয় | এই কাৰ্যসূচীত বিজেপি দলীয় কাৰ্য্যকর্তা সকলৰ লগতে মাননীয় এম চি এল এ দিপক মৌৰ ,ৰাজ্যিক কাৰ্যনিৰ্বাহক জিতু কিষান দেৱ,জিলা সাধাৰণ সম্পাদক বিৰদাওঁ বসুমতাৰী দেৱ,ভিচিডিচিৰ সভাপতি সকল, জিলা আৰু মণ্ডল পৰ্যায়ৰ মৰ্চাৰ বিষয় ববীয়া সকল,শক্তিকেন্দ্ৰ আহ্বায়ক সকল,মণ্ডলৰ বিষয় ববীয়া সকল আৰু বুথ পৰ্যায়ৰ বিষয় ববীয়া সকল উপস্হিত থাকি সহায় সহযোগিতা আগবঢ়ায় ।

