গণেশ চতুৰ্থীৰ আনন্দত মতলীয়া হৈ (Ganesh Chaturthi 2025) পৰিছে দেশৰ হিন্দুধৰ্মী লোকসকল৷ দক্ষিণ ভাৰতৰ লগতে উত্তৰ ভাৰততো গণেশ চতুৰ্থী উপলক্ষে গণেশ মন্দিৰসমূহ আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে৷ এনে সময়তে ‘সৰকাৰ গণেশ উৎসৱে’ পৰিৱেশ অনুকূল গণেশ মূৰ্তি স্থাপন কৰিছে ৷ এই মূৰ্তিটোৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হ’ল ই প্লাষ্টাৰ অৱ পেৰিছ বা মাটিৰে নহয়, বৰঞ্চ ৩৫০ কিলোগ্ৰাম টিছু পেপাৰেৰে ইয়াক তৈয়াৰ কৰা হৈছে৷ ১৬ ফুট ওখ আৰু ৬ ফুট বহল এই বিশাল মূৰ্তিটো মুম্বাইৰ ১৫গৰাকী দক্ষ শিল্পীয়ে এমাহৰ কষ্টৰ অন্তত প্ৰস্তুত কৰিছে ৷
এই মূৰ্তিটোৰ কাৰুকাৰ্য ইমানেই সূক্ষ্ম আৰু নিখুঁত যে প্ৰথম দৃষ্টিত কোনেও বিশ্বাস নকৰিব যে এই মূৰ্তিটো কাগজৰ দ্বাৰা নিৰ্মিত ৷ ইয়াৰ অলংকাৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো ভংগিমালৈকে আচৰিত ধৰণে খোদিত কৰা হৈছে, যিয়ে শিল্পীসকলৰ দক্ষতাকে দেখুৱাইছে৷ এই বিস্ময়কৰ মূৰ্তিটো কেৱল ভক্তসকলৰ বিশ্বাসৰ প্ৰতীক নহয়, পৰিৱেশ সুৰক্ষাৰ প্ৰতি সজাগতা বৃদ্ধিৰ এক বৃহৎ নিদৰ্শন৷ এই পৰিৱেশ অনুকূল পদক্ষেপৰ আঁৰত থকা প্ৰেৰণাদায়ক ধাৰণাটো হৈছে ‘সৰকাৰ গণেশ উৎসৱ’ মণ্ডলৰ সাগৰ ৰাজপুতৰ৷ তেওঁ কয় যে মুম্বাইৰ মাধি গণেশ উৎসৱৰ সময়ত পি অ’ পিৰ দ্বাৰা নিৰ্মিত মূৰ্তি বিসৰ্জনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷
এই ভিডিঅ’টো চাই তেওঁ এই পৰিবেশ অনূকূল গণেশক বনোৱাৰ ধাৰণা পালে৷ ‘ইয়াৰ দ্বাৰা আমাৰ পৰম্পৰা বজাই ৰখাত সহায়ক হ’ব আৰু লগতে পৰিৱেশক ক্ষতিৰ পৰা ৰক্ষা কৰিব’ তেওঁ কয়৷ পৰম্পৰাগতভাৱে গণেশ মূৰ্তি নদী, বিল বা সাগৰত বিসৰ্জন দিয়া হয়৷ পি অ’ পি আৰু ৰাসায়নিক ৰঙেৰে নিৰ্মিত মূৰ্তি পানী প্ৰদূষণৰ এটা প্ৰধান কাৰণ, যিয়ে জলজ জীৱ আৰু পৰিৱেশৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে৷ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই পৰিৱেশ অনুকূল মূৰ্তিটোৱে ইতিবাচক আৰু বহনক্ষম সমাধান আগবঢ়াইছে৷ এই গণেশ মূৰ্তিক পৰম্পৰাগতভাৱে নদী বা সাগৰত বিসৰ্জন দিয়া নহ’ব৷ মণ্ডলে এটা কৃত্ৰিম হ্ৰদ সৃষ্টি কৰিছে, য’ত এই মূৰ্তিটো বিসৰ্জন দিয়া হ’ব৷
কাগজৰ দ্বাৰা নিৰ্মিত হোৱাৰ বাবে ই পানীত সহজে দ্ৰৱীভূত হৈ কোনো ধৰণৰ প্ৰদূষণৰ সৃষ্টি নকৰে৷ ডুবাই ৰখাৰ পিছত বাকী থকা পাল্পখিনি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি, যাৰ ফলত সম্পূৰ্ণ বহনক্ষম চক্ৰ সম্পূৰ্ণ হয়৷ এই পদক্ষেপে আন আন মণ্ডল আৰু ভক্তসকলৰ বাবেও এক প্ৰেৰণাদায়ক আদৰ্শ দাঙি ধৰিছে৷ এই ভব্য মূৰ্তিটোক চহৰলৈ অনাৰ বাবে এক বিশাল শোভাযাত্ৰা উলিওৱা হৈছিল৷ এই শোভাযাত্ৰাত হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰিছিল, যাৰ মুখত ভগৱান গণেশৰ আগমনৰ আনন্দ আৰু উত্তেজনা স্পষ্টভাৱে প্ৰতিফলিত হৈছিল৷

