আজি যোৰহাটলৈ ৰাওনা হয় গৰিমা গাৰ্গসহ পৰিয়াল। (Garima Saikia Garg) যাত্ৰাপথত সোণাপুৰস্থিত সমাধিস্থলীত এখন্তেক ৰয় পৰিয়ালটো। যোৰহাটলৈ যোৱাৰ পূৰ্বে সকলোৰে সহযোগিতা কামনা কৰিলে গৰিমা গাৰ্গে। জুবিনৰ সমাধিস্থলিত উচুপি-উচুপি গালে পত্নী গৰিমা শইকীয়া গাৰ্গে ‘মায়াবিনী ৰাতিৰ বুকুত…’। সোণাপুৰস্থিত সমাধিস্থলীত গৰিমা শইকীয়া গাৰ্গে বহুকেইটা কথা কয়-
গৰিমা শইকীয়া গাৰ্গে কয় যে সন্দীপন আমাৰ নিজৰ খুৰাৰ ল’ৰা। আগতে বাহিৰলৈ যোৱা নাছিল সেইবাবে জুবিনৰ লগতে গৈছিল।
লগতে তেওঁ কয় কোনেও আইন হাতত তুলি নল’ব, ‘আইনক আইনৰ কাম কৰিবলৈ দিয়ক অশান্তিৰ পৰিৱেশ কৰিলে জুবিনৰ আদর্শ ক’ত থাকিব’।

