জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এটা ফেচবুক পোষ্ট, চ’চিয়েল মিডিয়াত ব্যাপক খলকনি

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এক ফেচবুক পোষ্টে চ’চিয়েল মিডিয়াত ব্যাপক খলকনি লগাইছে। গৰিমা শইকীয়াৰ আবেগভৰা পোষ্টটোত জুবিনৰ লৈ বিতৰ্ক কৰাসকলক উদ্দেশ্য কৰি কিছু কথা কোৱা হৈছে। যোৱাকালি জুবিন গাৰ্গক অসম কৃষি বিভাগৰ বেণ্ড এম্বেচাডৰৰূপে নিয়োগ কৰাৰ কথা উলাইছিল তাৰ পিছতেই বিভিন্ন মহলে জুবিনে নিজৰ পূৰ্বৰ স্থিতিত অটল নথকা বুলি প্ৰশ্ন উথাপন কৰিছিল। কা বিৰোধী মূল সুঁতিৰ পৰা আতৰি অহা বুলি জুবিন গাৰ্গক তীব্ৰ কটাক্ষ কৰা পৰিলক্ষিত হৈছিল। ৰাজ্যৰ বিভিন্ন সমস্যাত মাত মাতি অহা জুবিন গাৰ্গক লৈ সন্দেহৰ আঙুলি উঠোৱাটো দুৰ্ভাগ্যজনক বুলি গৰিমা শইকীয়া গাৰ্গে ফেচবুকৰ এক পোষ্টযোগে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে। গৰিমা শইকীয়া গাৰ্গে পোষ্টটোত লিখিছে “কোনেও এতিয়া একো কথা শুনিব পাতিব আৰু কব নালাগে।জুবিন গাৰ্গ নামৰ ভণ্ড দেশদ্ৰোহীটোক ৰাজপথতে ফাঁচি দিয়াৰ ব্যৱস্হা কৰক।”

বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা

Related Articles