২৮ মে’: Garuva Gogi । চৰ্চাৰ কেন্দ্ৰস্থলত থকা পাকিস্তান ভ্ৰমণ বিষয়ত অবশেষত মুখ খুলিলে কংগ্ৰেছ সাংসদ তথা অসম প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। এক সংবাদমেলত তেওঁ প্ৰকাশ কৰে যে, ২০১৩ চনত তেওঁ পত্নীৰ সৈতে সম্পূৰ্ণৰূপে বিধিসম্মত আৰু ব্যক্তিগত কাৰণতে পাকিস্তান ভ্ৰমণ কৰিছিল।
গগৈয়ে প্ৰকাশ কৰে —
“আজিৰ পৰা প্ৰায় ১৩-১৪ বছৰ পূৰ্বে মোৰ পত্নী পাকিস্তান গৈছিল। তেওঁ এজন পাব্লিক পলিচি বিশেষজ্ঞ হিচাপে দক্ষিণ এছিয়াৰ জলবায়ু পৰিৱৰ্তনৰ ওপৰত কাম কৰা এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাত জড়িত আছিল। সেই কাৰণেই তেওঁ ২০১১-১২ সময়চোৱাত পাকিস্তানত আছিল। তাৰপিছত ২০১৩ চনত, বিয়াৰ পাছত, মই তেওঁৰ সৈতে ব্যক্তিগত ভ্ৰমণত পাকিস্তান গৈছিলোঁ।”
তেওঁ আৰু কয় —
“ভাৰত চৰকাৰৰ সকলো নিয়ম-পদ্ধতি অনুসৰণ কৰি মই পাকিস্তান ভ্ৰমণ কৰিছিলোঁ। সেই সময়ত মই সাংসদ নাছিলোঁ। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনা লৈ চি-গ্ৰেড চিনেমা বনাইছে। সেই চিনেমা ১০ ছেপ্টেম্বৰত মুক্তি পাব আৰু নিঃসন্দেহে সম্পূর্ণ ফ্লপ হ’ব।”
গগৈয়ে বিজেপি চৰকাৰৰ ওপৰতো প্ৰশ্ন তোলে —
“যদি মোৰ পাকিস্তান ভ্ৰমণত কোনো অবৈধতা থাকে, তেন্তে যোৱা ১০ বছৰত কেন্দ্ৰীয় চৰকাৰে বা অনুসন্ধান সংস্থাই কিয় কোনো পদক্ষেপ ল’ব পৰা নাছিল?”
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে ISIৰ আমন্ত্ৰণত পাকিস্তান ভ্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। লগতে তেওঁৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লাভ কৰিছিল বুলি দাবী কৰা হৈছিল।
এই সন্দৰ্ভত প্ৰাক্তন কংগ্ৰেছ নেতা ৰিপুণ বৰাই স্বীকাৰ কৰিছিল যে গগৈৰ পত্নীয়ে পাকিস্তানত পেচাগতভাৱে কাম কৰিছিল আৰু তেওঁ ভাৰতীয় নাগৰিক নোহোৱা বুলি মন্তব্য কৰিছিল।
এই সমগ্ৰ ঘটনাই অসমৰ ৰাজনৈতিক পৰিৱেশত নতুন উত্তেজনা সৃষ্টি কৰিছে। গৌৰৱ গগৈৰ স্পষ্টীকৰণে বিষয়টোক স্বচ্ছ কৰাৰ চেষ্টা চলাই থাকিলেও, নির্বাচনী প্ৰচাৰ চলি থকাৰ সময়ত এই মন্তব্যৰ ৰাজনৈতিক প্ৰতিক্ৰিয়া দীৰ্ঘস্থায়ী হোৱাৰ সম্ভাৱনা।