‘এইবাৰ কংগ্ৰেছেই কংগ্ৰেছৰ বন্ধু হ’ব’ — গৌৰৱ গগৈআনুস্থানিকভাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ । Garuva Gogi

গুৱাহাটী, ৩ জুন: Garuva Gogi । “মুখ্যমন্ত্ৰী আৰু মোৰ ৰাজনীতিৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে। মই মুখ্যমন্ত্ৰীৰ দৰে ৰাজনীতি কৰিবলৈ অহা নাই।” — এই শক্তিশালী মন্তব্যৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে সাংসদ গৌৰৱ গগৈয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে।

কামাখ্যা মন্দিৰত আশীৰ্বাদ লৈ গৌৰৱ গগৈয়ে গুৱাহাটীস্থিত ৰাজীৱ ভৱনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত বিদায়ী সভাপতি ভূপেন কুমাৰ বৰাৰ পৰা দায়িত্ব লয়। অনুষ্ঠানত এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু আন বহু জ্যেষ্ঠ কংগ্ৰেছ নেতা-নেত্ৰীৰ উপস্থিতি দেখা যায়।

গৌৰৱ গগৈয়ে কয়, “এইবাৰ কংগ্ৰেছেই কংগ্ৰেছৰ বন্ধু হ’ব।” তেওঁ মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, হিতেশ্বৰ শইকীয়া আৰু নিজৰ পিতৃ তৰুণ গগৈৰ আদৰ্শক অনুসৰণ কৰি দলটোক ঐক্যবদ্ধভাৱে আগুৱাই নিয়াৰ সংকল্প ব্যক্ত কৰে।

তেওঁৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ সকলোৱে সমান দৃষ্টি, অধিকাৰ আৰু ন্যায় লাভ কৰিব বুলি আশ্বাস দিয়ে। উল্লেখযোগ্য যে, পাকিস্তানৰ গুপ্তচৰ সংস্থা আই এছ আইৰ সৈতে তেওঁৰ পত্নীৰ সম্পৰ্ক আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা সপ্তাহত যি বিতৰ্ক সৃষ্টি কৰিছিল, ঠিক তেনে সময়তে গৌৰৱ গগৈক কেন্দ্ৰীয় নেতৃত্বই সভাপতি হিচাপে নিযুক্ত কৰে।

গগৈয়ে কংগ্ৰেছ দলৰ নতুন যাত্ৰাৰ আৰম্ভণি হিচাপে এই দায়িত্ব গ্ৰহণক চিহ্নিত কৰি, একতাবদ্ধতা আৰু ন্যায়ৰ পথত আগবাঢ়াৰ আহ্বান জনায়।

Related Articles