১৭ মে’২০২৫ঃ Garuva Gogi and Himanta Biswa Sarma । অৱশেষত সফল হল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। সাংসদ গৌৰৱ গগৈক সৰ্বদলীয় প্ৰতিনিধি দলত স্থান দিব বুলি কথা প্ৰচাৰ হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে এক্সত সৰব হৈ পৰিছিল । তেওঁ আনকি ৰাহুল গান্ধীক এই বিষয়ত সচেতন হবলৈ আহ্বান জনাইছিল। ইয়াৰ পিছতে আজি দেখা গল দলটোত গৌৰৱ গগৈক স্থান দিয়া হোৱা নাই। ভাৰতৰ স্থিতি স্পষ্ট কৰিবলৈ বিদেশলৈ পঠিয়াবলগীয়া সৰ্বদলীয় প্ৰতিনিধি দলত গৌৰৱ গগৈৰ নাম উল্লেখ কৰাক লৈ কংগ্ৰেছক সমালোচনা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ ভাৰতৰ শক্তিশালী বাৰ্তা বিশ্ববাসীলৈ আগবঢ়াই নিবলৈ সৰ্বদলীয় প্ৰতিনিধি দলৰ বাবে কংগ্ৰেছৰ তৰফৰ পৰা দিয়া তালিকাক লৈ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । বিশেষকৈ কংগ্ৰেছৰ তালিকাখনত সাংসদ গৌৰৱ গগৈৰ নামটো থকাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে ভাৰত চৰকাৰৰ এই অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচীত সাংসদ গৌৰৱ গগৈক অন্তৰ্ভুক্ত নকৰাৰ বাবে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ প্ৰতি অনুৰোধ জনায় । অৱশ্যে মুখ্যমন্ত্রীয়ে সাংসদ গৌৰৱ গগৈৰ নামটো প্ৰত্যক্ষভাৱে উল্লেখ কৰা নাই যদিও পাকিস্তান সংযোগৰ তথ্যৰে তেওঁৰ কথাই কৈছে ।সামজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে কয়, “তালিকাখনত নাম উল্লেখ কৰা এগৰাকী সাংসদে (অসমৰ) তেখেত দীৰ্ঘদিন পাকিস্তান ভ্ৰমণ কৰাৰ বিষয়ে অস্বীকাৰ কৰা নাই । খবৰ অনুসৰি দুসপ্তাহ তেওঁ তাত আছিল আৰু বিশ্বাসযোগ্য নথি-পত্ৰৰ পৰা এয়া স্পষ্ট হৈছে যে তেখেতৰ পত্নীয়ে ভাৰতত কাম কৰি থকাৰ সময়ত পাকিস্তানস্থিত এন জি অ’ এটাৰ পৰা দৰমহাৰ নামত ধন লাভ কৰিছিল । বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক আহ্বান জনাইছোঁ যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত দলীয় ৰাজনীতিৰ ঊৰ্ধ্বত গৈ এই ব্যক্তিগৰাকীক এনে স্পৰ্শকাতৰ আৰু কৌশলপূৰ্ণ এছাইনমেণ্টত অন্তৰ্ভুক্ত নকৰিব ।”সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়ে ৰাহুল গান্ধীৰ প্ৰতি এই আহ্বান জনাই কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সামাজিক মাধ্যমত কৰা এটা পোষ্ট সংলগ্ন কৰিছে । যিটো পোষ্টত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে কংগ্ৰেছৰ সভাপতি আৰু বিৰোধী দলপতিৰে কথা পতাৰ বিষয়ে উল্লেখ কৰিছে । য’ত পাকিস্তানৰ সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি সম্পৰ্কে বিশ্ববাসীক অৱগত কৰিবৰ বাবে বিদেশলৈ যাবলগীয়া দলটোৰ বাবে কংগ্ৰেছৰ চাৰিগৰাকী সাংসদৰ নাম দিয়াৰ কথা কোৱা হৈছিল । তাৰেই ভিত্তিত বিৰোধী দলপতিয়ে কিৰেণ ৰিজিজুলৈ কংগ্ৰেছৰ চাৰিজনীয়া তালিকা দিছিল । পোষ্টটোত জয়ৰাম ৰমেশে দিয়া চাৰিজনীয়া তালিকাত আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী আনন্দ শৰ্মা, সাংসদ তথা উপ-দলপতি গৌৰৱ গগৈ, সাংসদ চৈয়দ নাচিৰ হুছেইন আৰু সাংসদ ৰাজা ব্ৰাৰ । কংগ্ৰেছৰ এই চাৰিজনীয়া তালিকাত সাংসদ গৌৰৱ গগৈৰ নামটো থকাৰ পিছতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । লগতে মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈক এই কাৰ্যসূচীৰ পৰা আঁতৰত ৰখাৰ বাবে ৰাহুল গান্ধীৰ প্ৰতি আহ্বান জনাইছিল ।মন্ত্রী পীযুষ হাজৰিকায়ো গৌৰৱ গগৈক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । সামাজিক মাধ্যমযোগে মন্ত্রী পীযুষ হাজৰিকাই কয়, “এটা গুৰুত্বপূৰ্ণ বিষয় । অপাৰেশ্যন সিন্দূৰৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সন্মিলিত যুঁজৰ বাৰ্তা বিশ্বৰ বিভিন্ন দেশত প্ৰদান কৰিবলৈ ভাৰত চৰকাৰে সৰ্বদলীয় এটি প্ৰতিনিধি মণ্ডল গঠন কৰিছে । ইয়াৰ বাবে কংগ্ৰেছ দলৰ পৰাও প্ৰতিনিধিৰ নাম বিচৰা হৈছিল । আশ্চৰ্যজনকভাৱে কংগ্ৰেছ দলে দাখিল কৰা তালিকাত এনে এগৰাকী সাংসদৰ (অসম) নাম অন্তৰ্ভুক্ত আছে যাৰ পত্নীয়ে পাকিস্তানৰ উচ্চস্তৰীয় নেতৃত্বৰ সৈতে কাম কৰিছিল আৰু এই কথা তেখেতে অস্বীকাৰ কৰা নাই । সাংসদগৰাকীৰ সন্তানো বিদেশৰ নাগৰিক । এই কাৰ্য কৰি কংগ্ৰেছ দলে ভাৰত আৰু ভাৰতীয়সকলৰ সন্মানত আঘাত হানিব খোজাটো অত্যন্ত লজ্জাজনক । পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হোৱা সাংসদৰ নাম এনে গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে আগবঢ়োৱাটো কেতিয়াও উচিত নহয় ।”
আনহাতে গৌৰৱ গগৈক লৈ বিতৰ্ক চলি থকাৰ মাজতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ ভাৰতৰ শক্তিশালী বাৰ্তা বিশ্ববাসীলৈ আগবঢ়াই নিবলৈ সৰ্বদলীয় প্ৰতিনিধি দল গঠন সন্দৰ্ভত চৰকাৰে বিবৃতি জাৰি কৰিছে । পি আই বিয়ে দিয়া বিবৃতি অনুসৰি অপাৰেশ্যন সেন্দূৰ আৰু সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজৰ প্ৰেক্ষাপটত চলিত মাহৰ শেষৰ ফালে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যকে ধৰি গুৰুত্বপূৰ্ণ অংশীদাৰ দেশসমূহ ভ্ৰমণ কৰিবলৈ ৭ টা সৰ্বদলীয় প্ৰতিনিধি দলে যাত্ৰা কৰিবলৈ সাজু হৈছে ।