ফুটবলৰ নীতি নিয়মক লৈ গুৱাহাটী ক্ৰীড়া সন্থাৰ ৰেফাৰী ছেমিনাৰ
গুৱাহাটী ক্ৰীড়া সন্থাই ইয়াৰ ২০২৩-২৪ৰ বি আৰু চি ডিভিজন ফুটবল লীগ আৰম্ভ কৰাৰ পূৰ্বে ইয়াৰ অধীনৰ ৰেফাৰীসকলৰ লগতে ক্লাবসমূহক ফুটবলৰ শেহতীয়া নীতি নিয়ম সম্পৰ্কে অৱগত কৰিবলৈ আজি এখন আলোচনাচক্ৰৰ আয়োজন কৰে ৷ সন্থাৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পত থকা কাৰ্যালয়ত আয়োজিত এই আলোচনাচক্ৰত ফুটবলৰ শেহতীয়া নীতি নিয়ম, ৰেফাৰীৰ ভূমিকা আৰু ক্লাবৰ খেলুৱৈ, প্ৰশিক্ষক, মেনেজাৰৰ দায়িত্ব সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় ৷

ৰেফাৰী সমিতিৰ অধ্যক্ষ যজ্ঞেশ্বৰ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই আলোচনাচক্ৰত সন্থাৰ আজীৱন সদস্য মুনীন নবীশে সকলোকে আদৰণি জনায় আৰু কয় যে ফুটবল খেল পৰিচালনাৰ নীতি-নিয়মলৈ অহা পৰিৱৰ্তনৰ বিষয়ে জানি লোৱাটো অত্যন্ত প্ৰয়োজনীয় ৷ সেয়ে ৰেফাৰীৰ লগতে ক্লাবসমূহৰ বিষয়ববীয়াক লৈ এই আলোচনাৰ আয়োজন কৰা হৈছে ৷ ইয়াৰ পাছতে ৰেফাৰী সমিতিৰ উপাধ্যক্ষ তথা ৰেফাৰীৰ মুৰব্বী দীপক কুমাৰ দেই ফুটবল পৰিচালনাৰ ক্ষেত্ৰত ফিফাই অনা নতুন সংস্কাৰৰ বিষয়ে বিশদভাৱে আলোচনা কৰিবলৈ আৰম্ভ কৰে ৷

তেওঁ ফুটবলৰ নিয়মৰ ক্ষেত্ৰত হোৱা বিভিন্ন নতুন সংযোজনৰ বিষয়ে সভাক অৱগত কৰে ৷ তেওঁ ৰেফাৰী, খেলুৱৈ আৰু ক্লাব কৰ্তৃপক্ষৰ লগতে আয়োজকৰপৰাও এই নীতিনিয়মবোৰ প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত সহযোগিতা আশা কৰে ৷ এই আলোচনাচক্ৰত সন্থাৰ যুটীয়া সম্পাদক কাজল পাল চৌধুৰী, সহকাৰী সাধাৰণ সম্পাদক সিদ্ধাৰ্থ শংকৰ ডেকা, ক্ৰীড়া সম্পাদক (ফুটবল) এল প্ৰণৱ সিং, কাৰ্যবাহী সদস্য কৌস্তৱ চক্ৰৱৰ্তী, ৰেফাৰী সমিতিৰ সদস্য সুশান্ত কুমাৰ সেন, যদু গগৈ, অৰ্ঘৰাম বড়োৰ লগতে ৰেফাৰীসকল আৰু বিভিন্ন ক্লাবৰ বিষয়ববীয়া উপস্থিত থাকে ৷
সিদ্ধাৰ্থ শংকৰ ডেকা
সহকাৰী সাধাৰণ সম্পাদক (ফুটবলৰ ভাৰপ্ৰাপ্ত)
গুৱাহাটী ক্ৰীড়া সন্থা