Breaking

অখিল গগৈ ইউএপিএৰ গোচৰ অভিযোগনামাত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ শুনানি সমাপ্ত…

0 86

শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এন আই এয়ে ২০২১ চনত অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) সংশোধনী (ইউ এ পি এ) গোচৰত ৰাইজৰ দলৰ নেতাক মুকলি কৰি দিয়া এন আই এৰ বিশেষ আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই দাখিল কৰা অভিযোগনামাৰ শুনানি সোমবাৰে সমাপ্ত কৰে গৌহাটী উচ্চ ন্যায়ালয়ে।

সূত্ৰ অনুসৰি আদালতে গোচৰৰ শুনানি গ্ৰহণ কৰি ৰায়দান স্থগিত ৰাখিছে যদিও ৰায়দানৰ তাৰিখ প্ৰকাশ কৰা নাই। ইয়াৰ পূৰ্বে ২০২১ চনৰ জুলাইত ৰাইজৰ দলৰ নেতাজনক মুকলি কৰি দিয়া NIA আদালতে অখিল গগৈৰ ওপৰত দিয়া ৰায়ক প্ৰত্যাহ্বান জনাইছিল।

তেওঁৰ বিৰুদ্ধে চাবুৱা আৰু চান্দমাৰী গোচৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত দাখিল কৰা অভিযোগনামা। ৰাইজৰ দলৰ নেতা অখিল গগৈক ৰাষ্ট্রীয় তদন্তকাৰী সংস্থাৰ আদালতে চান্দমাৰী গোচৰত দোষমুক্ত কৰে৷ এইবোৰৰ সৈতে গগৈক সকলো গোচৰৰ পৰা মুক্ত হ’ল।

অখিল গগৈৰ লগতে ধজ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালক দোষমুক্ত কৰে এন আই এৰ আদালতে।

Leave A Reply