Breaking

গুৱাহাটী বিশ্ববিদ্যালয়ত বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

0 119

গুৱাহাটী বিশ্ববিদ্যালয়ত আজি দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস। আবছুয়ে আয়োজন কৰা এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত বড়ো জনগোষ্ঠীৰ স্নাতক ,স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গৱেষক ছাত্ৰ-ছাত্ৰী সকলো উপস্থিত থাকে।

উল্লেখ্য যে, ১৯৫২ চনৰ ১৬ নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোতেই বড়ো জনগোষ্ঠীৰ ভাষা-সংস্কৃতিৰ ৰক্ষাৰ স্বাৰ্থত জয় ভদ্ৰ হাগজেৰ সভাপতিত্বত কোকৰাঝাৰ জিলাৰ বসুগাঁৱত বড়ো সাহিত্য সভাই জন্ম লাভ কৰিছিল। তাৰ পিছত এক দীঘলীয়া সংগ্ৰামী যাত্ৰা। বড়ো সাহিত্য সভাৰ বহুদিনীয়া সংগ্ৰামৰ পিছত পোন প্ৰথমে ১৯৬৩ চনত প্ৰাথমিক শাখাত আৰু ১৯৬৮ চনত মাধ্যমিক শাখাত বড়ো ভাষাত পাঠদান আৰম্ভ হয়।

তদুপৰি , ১৯৮৫ চনত বড়ো ভাষাক অসমৰ দ্বিতীয়টো ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হয়।

গতিকে বড়ো সাহিত্য সভাৰ বড়ো সকলৰ সাহিত্য-সংস্কৃতিৰ প্ৰসাৰ তথা বিশেষকৈ বড়ো মাধ্যমত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকা অতি গুৰুত্বপূৰ্ণ।

সেয়েহে গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ প্ৰাংগণত ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতিত আজিৰ এই ঐতিহাসিক দিনটোক বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়।

গুৱাহাটীৰ‌ পৰা ৰবি শংকৰ বড়ো প্ৰতিবেদন

Leave A Reply