Breaking

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা সঞ্চালকালয়ৰ শিক্ষাকেন্দ্ৰ পৰিদৰ্শন…

0 53

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা সঞ্চালকালয়ৰ শিক্ষাকেন্দ্ৰ পৰিদৰ্শন
গুৱাহাটী বিশ্ববিদ্যালয় আৰু অনলাইন শিক্ষাকেন্দ্ৰৰ অধীনত বর্তমান নামভর্তি প্রক্রিয়া চলি আছে। নামভৰ্তিৰ অন্তিম তাৰিখ হল ৩০ ছেপ্টেম্বৰ ।

ইয়াৰ মাজতে এই কেন্দ্ৰটোৰ সঞ্চালকালয়ৰ এটা প্রতিনিধিৰ দলে ১২ ছেপ্টেম্বৰত ইয়াৰ অধীনস্থ বৰপেটা জিলাৰ লুইতপৰীয়া মহাবিদ্যালয়, আৰু কামৰূপ জিলাৰ বিমলা প্রসাদ চলিহা মহাবিদ্যালয়ৰ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকাৰী দলটোৰ নেতৃত্ব প্রদান কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষাকেন্দ্ৰৰ সহকাৰী সঞ্চালক গৌতম শৰ্মাই ।

তেওঁক সংগ দিছিল কম্পিউটাৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ খুৰছীদ আলম বৰবৰা আৰু সঞ্চালকৰ ব্যক্তিগত সহায়ক ডঃ ৰবীন্দ্ৰ শৰ্মাই । শিক্ষাকেন্দ্ৰ পৰিদৰ্শনৰ সময়ত তেওঁলোকক লুইতপৰীয়া মহাবিদ্যালয়ৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জানোৱা হয়। আকৌ, সেই শিক্ষানুষ্ঠানখনত পৰীক্ষাকেন্দ্ৰৰ অনুমতিৰ বাবে তেওঁলোকে পৰিদৰ্শনকাৰী দলটোৰ হাতত এখন স্মাৰক পত্ৰও প্ৰদান কৰে। এই ক্ষেত্ৰত দলটোরে বিহীত ব্যবস্থা গ্রহণ কৰিব বুলি আশ্বাস দিয়ে

Leave A Reply