গুৱাহাটী, ২৭ মে’ — Gaurav Gogoi “সাংসদ গৌৰৱ গগৈ এতিয়া এজন অভিজ্ঞ ৰাজনৈতিক নেতা। তেওঁ এই দায়িত্ব পালনত সফল হ’ব।” — এই মন্তব্য সদ্যপ্ৰাক্তন অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ। সোমবাৰে সাংসদ গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে নিযুক্তিৰ পাছত, মঙলবাৰে গুৱাহাটীৰ ঘোঁৰামাৰাস্থিত নিজ বাসগৃহত এখন সংবাদমেলত তেওঁ এই মন্তব্য কৰে।
চাৰি বছৰৰ দায়িত্ব পালনৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বক ধন্যবাদ জনাই ভূপেন বৰাই গৌৰৱ গগৈক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয়, “দলে মোক দিয়া দায়িত্ব মই নিষ্ঠাৰে পালন কৰিম। মোক দায়িত্ব দিলেই ভাল আৰু নিদিলেই বেয়া — সেই ধৰণৰ দৃষ্টিভংগী মোৰ নাই।”
এ আই ইউ ডি এফৰ প্ৰসংগত ভূপেন বৰাই পুনৰ স্পষ্ট কৰে, “এই দলৰ ক্ষেত্রত সভাপতি হোৱাৰ আগতে মোৰ যি স্থিতি আছিল, আজিও সেই একেই স্থিতি আছে। ২০২১ চনত ৰিপুণ বৰা সভাপতি থাকোঁতে মই কংগ্ৰেছ নেতৃত্বলৈ চিঠি লিখি সাম্প্ৰদায়িক শক্তিৰে হাত নেমেলাৰ পৰামৰ্শ দিছিলোঁ। যদিও তেতিয়া সেই মত গুৰুত্ব নোপোৱা হৈছিল, মই সভাপতি হোৱাৰ পাছত প্ৰথম দিনাই সেই মিত্ৰতা ভংগ কৰিছিলোঁ।”
বৰাই কয়, “আৰ এছ এছ আৰু বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলে আমি আন এটা সাম্প্ৰদায়িক শক্তিৰ লগত মিত্ৰতা কৰিলে, ৰাইজে কি ভাবিব — সেইটো গভীৰভাৱে বিবেচনা কৰা উচিত। ১৫ মে’ত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাৰ সময় মই বিজেপি-বিৰোধী সকলো শক্তিক একত্ৰিত কৰাৰ প্ৰস্তাৱ দিছিলোঁ। আমি আশাবাদী — যদি আমি গোট খাওঁ, ৰাইজে আমাক সমৰ্থন জনাব।”
গৌৰৱ গগৈৰ বিষয়ে মত প্ৰকাশ কৰি ভূপেন বৰাই কয়, “তেওঁ তিনিবাৰ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। সংসদত তেওঁৰ পৰিণত আৰু গঠনমূলক ভূমিকা আছিল। অভিজ্ঞতা যথেষ্ট হৈছে — দেখি-ঠেকি শিকিছে। মই বিশ্বাস কৰোঁ, তেওঁ সফল হ’ব। আমি সকলোৰে শুভেচ্ছা তেওঁৰ লগত।”
সভাপতি পদৰ দায়িত্ব হস্তান্তৰ সন্দৰ্ভত তেওঁ স্পষ্ট কৰি কয়, “মই সভাপতি হ’বলৈ কেতিয়াও দিল্লীলৈ প্ৰতিনিধি পঠিওৱা নাই। ১৫ মে’ত নেতৃত্বে মোক সলনি কৰাৰ কথা ক’লে, মই একো প্ৰতিবাদ নকৰিলোঁ। মই নেতৃত্বক কৈছিলোঁ — দলৰ স্বাৰ্থত যি সিদ্ধান্ত লোৱা হয়, মই মানি ল’ম। আৰু মই মানিও লৈছোঁ।”
সভাপতি হিচাপে দায়িত্ব গ্ৰহণৰ সময়ৰ কথা উল্লেখ কৰি তেওঁ কয়, “মই দায়িত্ব লোৱাৰ সময়ত ১৭ গৰাকী জিলা সভাপতি পদত্যাগ কৰিছিল, ৬৪ খন ব্লকত সভাপতি নাছিল। বি টি আৰ-ত কংগ্ৰেছৰ উপস্থিতি শূন্য আছিল। ৰাজীৱ ভৱনত নীৰৱতা। সেই সময়ত দলটো পুনর্গঠনৰ বাবে যথেষ্ট খাটনি কৰিছিলোঁ।”
বৰ্তমান দলৰ অৱস্থা উল্লেখ কৰি তেওঁ কয়, “এতিয়া বিধায়ক পদৰ বাবে অতি কমেও ৩০০ গৰাকী আবেদনকাৰী আগবাঢ়িছে। অৰ্থাৎ ৩০০টা সেনাপতি সমষ্টিভিত্তিত সাজু হৈ আছে। যদিও পঞ্চায়ত নিৰ্বাচনত ফলাফল সন্তোষজনক নহ’ল, আমি আমাৰ শক্তিৰ এটা উমান পাইছোঁ।”
অন্ততঃ বৰাই কয়, “এতিয়া আমি ব্যক্তিগত চিন্তা এৰি ৰাজ্যৰ ৰাইজে কি বিচাৰে — সেইদিশে সংগবদ্ধভাৱে আগবাঢ়িব লাগিব। দলেও মোক প্ৰচাৰ সমিতিৰ দায়িত্ব দিছে। মই ৰঙানদীত নিৰ্বাচনলৈ সাজু হ’ব পৰিকল্পনা কৰিছে। গতিকে এতিয়া মোৰ দুটা কাম — দলৰ প্ৰচাৰ আৰু ৰঙানদীৰ জনসেৱা।”