Gaurav Gogoi: সমাগত নিৰ্বাচনত বিৰোধী দলৰ মিত্ৰতা হোৱাতো ১০০ শতাংশ নিশ্চিতঃ গৌৰৱ গগৈ

‘ৰাইজৰ পদূলিত (Gaurav Gogoi) ৰাইজৰ কংগ্ৰেছ’ কাৰ্যসূচীৰ অংশস্বৰূপে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে গোলাঘাটত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তিসকলৰে মত বিনিময় কৰে। এই কাৰ্যসূচীত সভাপতি গৌৰৱ গগৈৰ লগত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সহঃ তত্ত্বাৱধায়ক বিকাশ উপাধ্যায় আৰু প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভানেত্ৰী ৰ’জলিনা তিৰ্কীয়েও অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত গগৈয়ে কয় যে বৰ্তমানৰ চৰকাৰৰ বিভাজনকামী আৰু স্বজন-তোষণ নীতিসমূহক লৈ ৰাইজ অসন্তুষ্ট হৈ পৰিছে। ৰাইজৰ সৈতে সহোৱা মত বিনিময়ত তেনে কথাৰ ইংগিত স্পষ্টকৈ পোৱা গৈছে বুলিও কয় গগৈয়ে। তেওঁ কয়, ”অসমৰ জনসাধাৰণে আজি এখন নতুন অসমৰ কথা ভাবিবলৈ আৰম্ভ কৰিছে। এই নতুন অসমখনত সকলোৱে যাতে সমিলমিলেৰে জীয়াই থাকিব পাৰে তাৰ কথা চিন্তা কৰিছে।’’ বৰ্তমানৰ বিজেপি চৰকাৰখনে সকলোকে হিতাধিকাৰীৰ দৃষ্টিৰেহে চাই আহিছে বুলিও গগৈয়ে কয়। ”অসমৰ ৰাইজ স্বাভিমানী। অসমৰ ৰাইজে হিতাধিকাৰী হিচাপে নহয়, অংশীদাৰ হিচাপেহে থাকিব বিচাৰে।’’-গগৈয়ে কয়।

তেওঁ আৰু কয় যে দুখীয়া লোকসকলে আঁচনি লাভ কৰিবই। পূৰ্বৰ কংগ্ৰেছৰ দিনটো দুখীয়া লোকসকলে আঁচনি লাভ কৰিছিল আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছৰ চৰকাৰ আহিলেও আঁচনিবোৰ পাইয়েই থাকিব। কিন্তু আঁচনি লাভ কৰা আৰু আঁচনি লাভ নকৰা সকলোৱে কৰ্মশীল তথা স্ব-নিৰ্ভৰশীল হ’ব বিচাৰে যদিও এইখন চৰকাৰে তেনে সুবিধা দিয়াত ব্যৰ্থ হৈ আহিছে। গগৈয়ে কয় যে অসমৰ জনসাধাৰণক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ কোনোধৰণৰ সুপৰিকল্পনা নাই। ”চৰকাৰৰ উদ্দেশ্য কয়লা ছিণ্ডিকেট, বালি ছিণ্ডিকেট চলাই থকা আৰু দুখীয়া মানুহৰ মাটি কব্জা কৰা।’’-গগৈয়ে কয়। বসুন্ধৰা আঁচনিৰ পৰা বিজেপিৰ মন্ত্ৰী-বিধায়কসকলৰ পৰিবাৰসকলহে অধিক উপকৃত হৈছে বুলিও গগৈয়ে অভিযোগ কৰে। দুখীয়া লোকসকলে বসুন্ধৰা আঁচনিৰ পৰা পাবলগীয়া সুবিধা আজিও পোৱা নাই বুলিও কয় গগৈয়ে। সেয়ে এইবাৰ ৰাইজে অহংকাৰী বিজেপি চৰকাৰৰ পতন বিচাৰিছে বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। আনহাতে মিত্ৰতা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে সমাগত নিৰ্বাচনত বিৰোধীয়ে ঐক্যৱদ্ধভাৱে অৱতীৰ্ণ হ’ব বুলি স্পষ্ট কৰি দিয়ে। তেওঁ কয়, ”কোন দলে কিমান আসনত খেলিব সেয়া প্ৰক্ৰিয়াৰ মাজেৰে হ’ব। এই কথা প্ৰতিটো বিৰোধী দলে জানে।

সকলোৱ জানে যে ৰাইজে আমাক চাই আছে। ৰাইজে আমাক অধ্যায়ন কৰিব। ৰাইজে ক’ব যে আমাৰ কামবোৰ সঠিক হৈছে নে নাই। ৰাইজে মিত্ৰতা হোৱাতো বিচাৰে। মিত্ৰতা সম্পৰ্কত আমি এখোজ পিছুৱাইছো নে দুখোজ পিছুৱাইছো সেই সম্পৰ্কত ৰাইজে চকু ৰাখিছে। শেষত ৰাইজৰ পৰা যি মতামত আহিব সেয়া আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। গতিকে মই বিশ্বাসী যে আমাৰ মিত্ৰতা হোৱাতো ১০০ শতাংশ নিশ্চিত।’’ গগৈয়ে আৰু কয় যে প্ৰথমে কোন দলে কিমান আসনত খেলিব সেয়া নিৰ্দিষ্ট কৰা হ’ব আৰু তাৰপিছত কোনে কোনটো সমষ্টিত খেলিব সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। ইফালে, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ভিডিঅ’ কনফাৰেন্স কাণ্ড সন্দৰ্ভতো আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সমুখত মন্তব্য প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁ কয়, ”সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ ভিত্তিত নিৰ্বাচন আয়োগে নিজাববীয়াকৈ তদন্তৰ ব্যৱস্থা কৰা উচিত আছিল। কিন্তু নিৰ্বাচন আয়োগ আজি নিশ্চুপ হৈ ৰৈছে।’’ দেশৰ নিৰ্বাচন আয়োগ বিজেপিৰ হাতৰ পুতলা হৈ পৰিছে নেকি বুলিও প্ৰশ্ন কৰে গগৈয়ে। এই সন্দৰ্ভত অভিযোগ দাখিল কৰাৰ পিছতো যদিহে আয়োগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে নিৰ্বাচন আয়োগ যে নিৰপেক্ষ নহয় সেয়া স্পষ্ট হৈ পৰিব বুলিও উল্লেখ কৰে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে। বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ভিডিঅ’ কনফাৰেন্সত বিজেপিক ভোট নিদিয়া লোকসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ কথা কোৱাতো দেশৰ গণতন্ত্ৰৰ বাবে অতি ভয়ংকৰ বুলিও গগৈয়ে কয়।

Related Articles