Gaurav Gogoi: ভাৰতবৈৰী পাকিস্তানলৈ গৌৰৱ গগৈ যোৱাত অসন্তুষ্ট শ্বহীদ জিণ্টু গগৈৰ মাতৃ

গৌৰৱ গগৈৰ (Gaurav Gogoi) পাকিস্তান ভ্ৰমণৰ অভিযোগক কেন্দ্ৰ কৰি ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷ এই প্ৰসংগত খুমটাইৰ শ্বহীদ কেপ্টেইন জিণ্টু গগৈৰ মাতৃয়ে গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে৷ তেওঁ কয় যে, ‘কোনো কাৰণতে শত্ৰু দেশ পাকিস্তানলৈ যোৱা উচিত নাছিল৷ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ বিষয়টো ভাল পোৱা নাই৷ এজন আহোম সম্প্ৰদায়ৰ ব্যক্তি হৈ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱাটো গ্ৰহণযোগ্য নহয়৷ গৌৰৱ গগৈ পাকিস্তানলৈ গ’ল যেতিয়া তেওঁ আমাৰ শত্ৰু’ বুলি
মন্তব্য কৰে জিণ্টু গগৈৰ মাতৃয়ে৷ লগতে, গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক কঠোৰ ভাষাৰে সমালোচনা কৰে কাৰ্গিলৰ শ্বহীদ জিণ্টু গগৈৰ পিতৃ আৰু ভাতৃয়েও৷ ইফালে, সদৌ তাই আহোম ছাত্ৰ সন্থায়ো বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে গৌৰৱ গগৈক সমগ্ৰ বিষয় সন্দৰ্ভত শীঘ্ৰেই স্পষ্ট স্থিতি প্ৰকাশ কৰাৰ আহ৩ান জনায়৷ তেওঁ কয় যে, আহোম জনগোষ্ঠীয়ে গৌৰৱ গগৈক লৈ সদায় গৌৰৱ কৰে৷ কিন্তু চিৰবৈৰী পাকিস্তানৰ সৈতে সম্ভাব্য সম্পৰ্কৰ অভিযোগ উত্থাপন হোৱাত সমগ্ৰ সমাজ ক্ষুণ্ণ হৈছে৷

লগতে, গৌৰৱ গগৈয়ে সংবাদ মেলত দিয়া প্ৰত্যুত্তৰ সন্দৰ্ভত মন্তব্য কৰি মিলন বুঢ়াগোহাঁয়ে কয় যে, উক্ত বক্তব্যত স্পষ্টতা পৰিলক্ষিত হোৱা নাই৷ ‘যদি তেওঁ সত্যৰ পক্ষত আছে, তেন্তে প্ৰকৃত সত্য প্ৰকাশ কৰিবলৈ ভয় কিয়?’ বুলি প্ৰশ্ন উত্থাপন কৰে তেওঁ৷ আৰু শীঘ্ৰে স্পষ্ট ব্যাখ্যা আগবঢ়োৱা নহ’লে উত্থাপিত অভিযোগসমূহ সত্য বুলি গণ্য হ’ব পাৰে বুলিও তেওঁ সতৰ্ক কৰে৷ অনাগত দিনত পাকিস্তানৰ নাগৰিকত্ব গ্ৰহণৰ দৰে সন্দেহো উত্থাপন হ’ব পাৰে বুলি তেওঁ মন্তব্য কৰে৷ আনহাতে, শ্বহীদ জিণ্টু গগৈৰ পিতৃ-মাতৃয়ে সমগ্ৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰি কয় যে, এনে স্পৰ্শকাতৰ বিষয়ত ৰাজনীতি কৰা অনুচিত৷ বিষয়টো যাতে কোনো পক্ষই ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ নকৰে, তাৰ বাবে সকলোকে সংযম আৰু দায়িত্বশীলতা অৱলম্বন কৰিবলৈ তেওঁলোকে আহ৩ান জনায়৷

Related Articles