Gaurav Gogoi: শিৱসাগৰত অসম প্ৰদেশ কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সভাপতি গৌৰৱ গগৈ

শিৱসাগৰত অসম প্ৰদেশ(Gaurav Gogoi) কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সভাপতি গৌৰৱ গগৈ। কালি যোৰহাট, তিতাবৰ,গেলেকী,নাজিৰাত জন সম্পৰ্ক কৰি নিশা শিৱসাগৰ চাৰ্কিট হাউচত নৈশ যাপন কৰে।

আজি পুৱা সভাপতি গৰাকীয়ে চাৰ্কিট হাউচত বয়োজেষ্ঠ লোকসকলৰ লগত মত বিনিময় কৰি তেওঁলোকৰ পৰা আগন্তুক দিনৰ পৰামৰ্শ আৰু আশীৰ্বাদ গ্ৰহণ কৰে।

চাৰ্কিট হাউচৰ পৰা পিয়লি ফুকন উদ্যানত উপস্থিত হৈ পিয়লি ফুকনৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কৰে। ঐতিহাসিক শিৱ দ’লত সভাপতি গগৈ উপস্থিত হৈ বাবাৰ চৰণত সেৱা লৈ অগনন অনুৰাগীক লৈ শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰে।

আজি উপস্থিত বয়োজেষ্ঠ সকলে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে এক উপযুক্ত গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে বিৰোধী দলসমূহক একত্ৰিত কৰি আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে।

আনহাতে আজি গৌৰৱ গগৈৰ লগত সংগ প্ৰদান কৰে অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।শইকীয়াই বিজেপি দলৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকলো চল-চাতুৰি ওফৰাই গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতে দলে এক বিৰাত উৎসাহ লাভ কৰিছে বুলি মন্তব্য কৰি কয় যে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে আগন্তুক নিৰ্বাচনত বিজেপি উৎখাত কৰিবলৈ সক্ষম হ’ব।আনহাতে তেওঁ বৰ্তমান কংগ্ৰেছ দলত কোনো বিসম্বাদ নাই বুলি উল্লেখ কৰি কয় যে ববিতা শৰ্মাই কোনো দলীয় বিসম্বাদৰ বাবে নহ’য় বৰঞ্চ ব্যক্তিগত কাৰণত দলীয় দায়িত্বৰ পৰা আঁতৰি দিছে।সেইদৰে বিৰোধী দলপতি গৰাকীয়ে বিৰোধী ঐক্যমঞ্চৰ পোষকতা কৰি কয় যে এই ঐক্যমঞ্চৰ বাবে আঞ্চলিক-জাতীয়তাবাদী দলসমূহেও এৰা-ধৰা কৰিব লাগিব।

আনহাতে বৃহৎ সংখ্যক সমৰ্থকৰ উপস্থিতিত শিৱ দ’লৰ পৰা এক শুভাযাত্ৰাত অংশ লৈ সভাপতি গগৈয়ে এক নতুন উদ্যমেৰে আগবঢ়া কংগ্ৰেছ দলক সমৰ্থন প্ৰদান কৰিবলৈ ৰাইজক আহবান কৰে।

গৌৰৱ গগৈয়ে আজি শিৱসাগৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।তেওঁ কয় মুখ্যমন্ত্ৰী গৰাকীয়ে যদি মোক লৈ এই বহুল প্ৰচাৰ নচলালেহেতেঁন তেন্তে দলৰ কেন্দ্ৰীয় নেতৃত্বই মোক লৈ এই বিশ্বাস নকৰিলে হেতেঁন। তেওঁৰ প্ৰচাৰৰ বাবে দলে মোক যোগ্য বিবেচনা কৰি এই গধুৰ দায়িত্ব প্ৰদান কৰিছে।

আনহাতে তেওঁ কয় যে বিৰোধী ঐক্য আমি স্থায়ী কৰিব লাগিব।সকলো বিৰোধী সমিল-মিলেৰে একত্ৰিত হৈ আগন্তুক সময়ত বিজেপি দলক ৰোধ কৰিব পাৰিব বুলি তেওঁ আশাবাদী।

উল্লেখযোগ্য যে অসমত ৰাইজৰ মাজত সময় দি দলীয় সাংগঠনিক দিশত আগবাঢ়ি যাবৰ বাবে কেন্দ্ৰীয় নেতৃত্বক তেওঁ ৰাষ্ট্ৰীয় দায়িত্ব সমূহৰ পৰাও কিছু সকাহ দিবলৈ সভাপতি গৌৰৱ গগৈয়ে আহবান কৰা বুলি তেওঁ জানিব দিয়ে।

Related Articles