ইএলএফক লৈ গৌৰৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

জৰুৰী অৱতৰণ সুবিধা (ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটি বা ইএলএফ)কে ধৰি কৌশলগত পৰিকাঠামো প্ৰকল্প সন্দৰ্ভত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্যক লৈ ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ উঠিছে। বিমানবন্দৰত চাহ–চমোচাৰ মূল্যৰ সৈতে এনে গুৰুত্বপূৰ্ণ প্ৰকল্পৰ তুলনা কৰা বিষয়টো সন্দৰ্ভত দেওবাৰে নগাঁৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ক সাধাৰণ ভোগ্য সামগ্ৰীৰ মূল্যৰ সৈতে তুলনা কৰাটো বিষয়টোৰ প্ৰকৃত গুৰুত্ব উপলব্ধি নকৰাৰ সমান।


নগাঁৱত অনুষ্ঠিত এখন চৰকাৰী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এখন ৰাজ্যৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দীঘলম্যাদী পৰিকল্পনা আৰু কৌশলগত দৃষ্টিভংগী অতি প্ৰয়োজনীয়। উত্তৰ–পূৰ্বাঞ্চলৰ ভৌগোলিক অৱস্থানৰ কথা উল্লেখ কৰি তেওঁ কয় যে , এই অঞ্চল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষত অৱস্থিত হোৱাৰ বাবে ইয়াত প্ৰতিৰক্ষা প্ৰস্তুতি অধিক গুৰুত্বপূৰ্ণ। তেওঁ কয়, “যদি কোনো শত্ৰু ৰাষ্ট্ৰই আক্ৰমণ কৰে, তেন্তে আমি কেনেকৈ নিজৰ সুৰক্ষা নিশ্চিত কৰিম, তাৰ বাবে আগতেই উপযুক্ত প্ৰস্তুতি থাকিব লাগিব। এই অঞ্চলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিশেষ পৰিকাঠামো গঢ়ি তোলা অত্যন্ত প্ৰয়োজনীয়।”


সম্প্ৰতি ডিব্ৰুগড় জিলাৰ মৰানত আৰম্ভ কৰা ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটিৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইধৰণৰ ব্যৱস্থা কেৱল সামৰিক ক্ষেত্ৰতেই নহয়, জৰুৰী পৰিস্থিতিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যুদ্ধকালীন অৱস্থা বা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত পৰিবহণ বিমানসমূহে সহজে অৱতৰণ কৰি দ্ৰুত ত্ৰাণ আৰু উদ্ধাৰ কাৰ্য চলাব পাৰে। তেওঁৰ মতে, এইধৰণৰ ব্যৱস্থাই দেশৰ প্ৰতিৰক্ষা ক্ষমতা অধিক শক্তিশালী কৰাৰ লগতে সম্ভাৱ্য বিপদৰ সন্মুখীন হ’বলৈ প্ৰস্তুতি নিশ্চিত কৰে।


ইয়াৰ পূৰ্বে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বিমান ভাড়াৰ উচ্চমূল্য আৰু বিমানবন্দৰৰ সেৱাৰ ব্যয় সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ কয় যে ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ বিমান ভাড়া প্ৰায় ১৮ হাজাৰৰ পৰা ২০ হাজাৰ টকা, যি সাধাৰণ লোকৰ বাবে যথেষ্ট ব্যয়বহুল। বিমানবন্দৰত একাপ চাহৰ মূল্য ১৫০ৰ পৰা ২০০ টকা হোৱা বিষয়টো উল্লেখ কৰি তেওঁ সোধে যে এইধৰণৰ প্ৰকল্পৰ প্ৰকৃত সুফল সাধাৰণ লোকে কিমান লাভ কৰিছে।

এই মন্তব্যৰ প্ৰতিক্ৰিয়াত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে যে কৌশলগত প্ৰকল্পৰ গুৰুত্ব তাৎক্ষণিক ব্যক্তিগত সুবিধাৰ ভিত্তিত মূল্যায়ন কৰিব নোৱাৰি। তেওঁৰ মতে, এইধৰণৰ পদক্ষেপ ৰাজ্যৰ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে সামগ্ৰিক স্থিৰতা নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Related Articles