শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ এজন প্ৰভাৱশালী ব্যক্তিয়ে শ্বাহৰুখ(Gauri Khan Restaurant) খানৰ পত্নী গৌৰী খানৰ ট’ৰী ৰেষ্টুৰেণ্টক লৈ এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে। তেওঁ কয় যে ৰেষ্টুৰেণ্টখনত মানুহক ডুপ্লিকেট পনিৰ পৰিবেশন কৰো হৈছে। তেওঁৰ এই দাবীয়ে সকলোকে আচৰিত আৰু বিচলিত কৰি তুলিছে।

বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পত্নী গৌৰী খানে মুম্বাইত নিজাকৈ ৰেষ্টুৰেণ্ট চলাই আছে, ৰেষ্টুৰেণ্ট খনৰ নাম ‘ট’ৰী’। এই ৰেষ্টুৰেণ্টখনলৈ কেতিয়াবা দুপৰীয়াৰ আহাৰ আৰু কেতিয়াবা ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে বহু ডাঙৰ চেলিব্ৰিটি আহে। গৌৰী খানৰ এই ৰেষ্টুৰেণ্টখনক লৈ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ এজন প্ৰভাৱশালী ব্যক্তিয়ে ৰেষ্টুৰেণ্টত মানুহক ডুপ্লিকেট পনিৰ পৰিবেশন কৰোৱা হৈছে বুলি এক আচৰিত দাবী উত্থাপন কৰিছিল।
অৱশ্যে গৌৰী খানৰ দলটোৱে এই অভিযোগ অস্বীকাৰ কৰি তেওঁলোকৰ খাদ্যৰ মানদণ্ড ভাল বুলি কৈছে। বুধবাৰে কেইবাখনো বিখ্যাত ৰেষ্টুৰেণ্ট পৰিদৰ্শন কৰে ইউটিউবাৰ সৰ্থক সচদেৱে। লক্ষ্য আছিল কোনখন ৰেষ্টুৰেণ্টত মানুহক ভাল পনিৰ পৰিবেশন কৰাই আৰু কোনখনে ডুপ্লিকেট পনিৰ ব্যৱহাৰ কৰিছে সেয়া জানিবলৈ। এই সময়ছোৱাত তেওঁ বিৰাট কোহলী, শিল্পা শ্বেট্টী আৰু ববি দেউলৰ ৰেষ্টুৰেণ্টো পৰিদৰ্শন কৰে।
তাতে তেওঁ পনীৰে তৈয়াৰী বস্তু অৰ্ডাৰ কৰি সোৱাদ লৈছিল। পনিৰৰ টুকুৰাটো পানীত ধুই সৰ্থকে তাৰ ওপৰত আয়’ডিনৰ টোপাল টোপালকৈ থৈ দিলে। ইয়াৰ পিছত তেওঁ লক্ষ্য কৰিলে যে ‘ট’ৰী’ ৰেষ্টুৰেণ্টৰ পনিৰৰ টুকুৰাবোৰত আয়’ডিন ঢালি দিয়াৰ লগে লগে ই ক’লা হৈ পৰে, আনহাতে আন ৰেষ্টুৰেণ্টৰ পনিৰৰ টুকুৰাবোৰৰ ক্ষেত্ৰত এনেকুৱা একো নহ’ল। এই সন্দৰ্ভত ইউটিউবাৰজনে দাবী কৰে যে, ‘শ্বাহৰুখ খানৰ পত্নী গৌৰী খানৰ ৰেষ্টুৰেণ্টত থকা পনিৰ ডুপ্লিকেট আছিল।’