Breaking

বঙৰাত গৌৰীকান্ত নাথৰ “বৰঝাৰ বিমান বন্দৰৰ পাৰ্শ্বপ্ৰভাৱ আৰু অন্য প্ৰবন্ধ” শীর্ষক গ্ৰন্থ উন্মোচন

0 1,518

অসমৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত ২০ ছেপ্তেম্বৰত কামৰূপ জিলাৰ বঙৰাস্থিত শ্ৰীশংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয় প্রাঙ্গণত বিশিষ্ট লেখক, অৱসৰী প্ৰধান শিক্ষক গৌৰীকান্ত নাথৰ “বৰঝাৰ বিমান বন্দৰৰ পাৰ্শ্বপ্ৰভাৱ আৰু অন্য প্ৰবন্ধ” শীর্ষক গ্ৰন্থখনি  ৰাজ্যখনৰ ভালেমান বিশিষ্ট লেখক, শিক্ষাবিদ,সমালোচকৰ  উপস্থিতিত শুভ-উন্মোচন কৰা হয়। ৰাজলক্ষ্মী নাথৰ বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা সভাখনিত এটোপোলা গ্ৰন্থৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে সভা উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক, চিন্তাবিদ ড০ সূৰ্য হাজৰিকাই কয়- অসম তথা উত্তৰ -পূব ভাৰতৰ দুৱাৰমুখ স্বৰূপ বৰঝাৰ বিমান বন্দৰকলৈ এখনি আজি অতীৱ প্ৰয়োজনীয় গ্ৰন্থ প্ৰকাশ হ’ল। গৱেষণাৰ সমল বিচাৰি পাব গ্ৰন্থখনত। মানৱ সেৱাৰ দৃষ্টিভংগীৰে গ্ৰন্থ অধ্যয়ন কৰিব লাগে।দুৰ্ভাগ্য বৰ্তমান সময়ত অসমত পঢ়ুৱৈৰ অভাব ঘটিছে। গ্ৰন্থ সংৰক্ষণ,সংবৰ্ধনৰ অতীৱ জৰুৰী গ্ৰন্থখনিউন্মোচন কৰি বিশিষ্ট বুদ্ধিজীবী, সাহিত্যিক, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ দয়ানন্দ পাঠকে কয়- এই যান্ত্রিকতাৰ যুগতো গ্ৰন্থৰ চাহিদা যথেষ্ট আছে। গ্ৰন্থই এটি সভ্যতা ধৰি ৰাখে। গৌৰীকান্ত নাথৰ বৰঝাৰ বিযষয়ক গ্ৰন্থখনিয়ে বৃহত্তৰ বৰঝাৰ অঞ্চলৰে নহয় সমগ্র অসমৰ এক সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দিলীপ কলিতাই সঞ্চালনা কৰা সভাৰ আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা দাঙি ধৰি প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই কয়- পৰাগজ্যোতি প্ৰকাশনে গ্ৰাম্য অঞ্চলৰ লেখক-লেখিকাক আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে। লগতে ইতিহাস জাতীয় গ্ৰন্থ প্ৰকাশত গুৰুত্ব দিছে। অনুষ্ঠানত নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী তথা প্ৰথিতযশা লেখিকা ড০মলিনা দেৱী ৰাভাই   কয়- গ্ৰন্থই ইতিবাচক দৃষ্টিভংগীৰে এটি সুন্দৰ বাৰ্তা দিয়ে। নিকা  পৰিৱেশ গঢ়াত গ্ৰন্থ অধ্যয়ন অৱশ্যাম্ভাৱী। অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সম্পাদক প্রধান চৰণ ডেকাই কয়- সাহস থাকিব লাগিব। মানৱৰ আত্মাৰ লগত মধুৰ সম্পর্ক ৰক্ষা কৰিব পাৰিব লাগিব লেখকে। বলিষ্ঠ সাহসেৰে সচাঁ কথা কবও লাগিব,লিখিবও লাগিব। বিকালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ এম গোপাল সিংহ, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি তথা আন্তর্জাতিক খ্যাতিসম্পন্ন কবি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, অনাতাঁৰ কেন্দ্র, গুৱাহাটীৰ অৱসৰী সঞ্চালক তথা বিশিষ্ট শিল্পী অৱনী ৰঞ্জন পাঠকে বিশিষ্ট অতিথিৰ ভাষণত বৰঝাৰ বিমান বন্দৰৰ আজিৰ তাৰিখত আহি পৰা দায়িত্ব,কৰ্তব্য লগতে নতুন প্রজন্মৰ গ্ৰন্থ,সমাজৰ দায়িত্বৰ ওপৰত বক্তব্য দাঙি ধৰে। মৰমী শৰ্মাই জয়ন্ত হাজৰিকাৰ গীত পৰিৱেশন কৰা অনুষ্ঠানত সদৌ অসম সাংবাদিক সন্থাৰ উপদেষ্টা মনোৰঞ্জন ভট্টাচার্য, কেপ্টেইন অশ্বিনী সিংহ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধি, বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সম্পাদক ধৰণীধৰ নাথ, প্ৰধান শিক্ষক পুলিন তালুকদাৰ আদি বিশিষ্ট ব্যক্তিসকলেও অংশগ্রহণ কৰে। দুৰদৰ্শন কেন্দ্রৰ কুশলজিৎ কুমাৰ, বিজিত চৌধুৰী দুটি কবিতা পাঠ কৰা সভাত শলাগৰ শৰাই আগবঢ়ায় দীপক শৰ্মাই।

Leave A Reply