অকাল মৃত্যু জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ।(Gayatri Hazarika)
দীৰ্ঘদিনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল কণ্ঠশিল্পীগৰাকী।
‘সৰা পাতে পাতে ফাগুন নামে’ গীতটিৰ বাবে জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ মৃত্যু।
গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত গায়ত্ৰী হাজৰিকাই মৃত্যুক সাৱটি ল’লে।
কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল বিশিষ্ট শিল্পীগৰাকী ৷
আজি বিয়লি ২বাজি ২০ মিনিটত শেষ নিশ্বাস ত্যাগ৷
কণ্ঠশিল্পী গৰাকীৰ মৃত্যুত শোকস্তব্ধ অনুৰাগী তথা ৰাজ্যৰ সাংস্কৃতিক জগত।