Breaking

নাজিৰাত কোঁচ ৰাজবংশীৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সভা

0 46

নাজিৰাত কোঁচ ৰাজবংশীৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সভা।নাজিৰাৰ কমিউনিটি চেণ্টাৰত অনুস্থিত সভাত ৰে’ল অৱৰোধ কাৰ্য্যসূচীৰ সিদ্ধান্ত সংগঠনটোৰ।সংগঠনটোৰ কেইবাখনো জিলা সমিতিৰ বিষয়ববীয়াক লৈ এখন সভা অনুস্থিত হয় নাজিৰাৰ কমিউনিটি চেণ্টাৰত।এই সভাত অংশগ্ৰহণ সংগঠনটোৰ কেইবাগৰাকীয়ো কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ।জনজাতিকৰণৰ দাবীত ১৭ নৱেম্বৰত ৰে’ল অৱৰোধ কাৰ্য্যসূচী সফল কৰিবলৈ এই সাধাৰণ সভা অনুস্থিত হয় নাজিৰাত।ধেমাজি, শ্ৰীৰামপুৰ আৰু শিমলুগুৰিত অৱৰোধ কৰিব ৰে’ল।ৰাজ্যৰ ৰে’ল ব্যৱস্থা অচল কৰি দিয়াৰ হুংকাৰ সংগঠনটোৰ।জনজাতিকৰণৰ মৰ্যদা বিচাৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব অহা ১৭নৱেম্বৰত।

উক্ত সভাত সদৌ অসম কোঁচৰাজবংশীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱ ,সাধাৰণ সম্পাদক ৰণাদিত্য কুমাৰ দেৱ,কাৰ্যকৰী সভাপতি ভোলা বৰাকে আদি কৰি গোলাঘাট ,চৰাইদেউ,শিৱসাগৰ ,ডিব্ৰুগড়,তিনিচুকীয়াকে ধৰি প্ৰায় ৮ খন জিলাৰ প্ৰতিনিধি উপস্থিত থাকে।

নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

Leave A Reply