দেৰগাঁও সাহিত্য সভা ভৱনত আজি নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ সাধাৰণ সভাখনি অনুষ্ঠিত হয় ।১৯৯৯ চনতে প্ৰতিষ্ঠিত দেৰগাঁও নৃত্যাঞ্জলি কলাকেন্দ্ৰই ২০২৪বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিব। ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি কলাকেন্দ্ৰই ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়,অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়, সংগীত নাটক একাডেমি,এন আৰ এল,শ্যাম ষ্টিল আৰু গোলাঘাট প্ৰশাসনৰ সহযোগত৪,৫,৬,৭,আৰু ৮ জানুৱাৰী ২০২৪ত সৰ্বভাৰতীয় নৃত্য নাট্য, লোকসংগীত মহোৎসৱ আৰু নৃত্যাঞ্জলি বঁটা অনুষ্ঠানৰ আয়োজন কৰিছে।
এই অনুষ্ঠানৰ প্ৰস্তুতি তথা অগ্ৰগতি সম্পৰ্কত অনুষ্ঠিত সাধাৰণ সভাখনিৰ সভাপতিত্ব কৰে আয়োজক সমিতিৰ সভাপতি নুৰুল চুলতানে। সভাত অংশ গ্ৰহণ কৰি দেৰগাঁও ৰাজহ চক্ৰ বিষয়া চিৰঞ্জীত দাস,ক্ষীৰেশ্বৰ লইং আদিয়ে মহোৎসৱত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে।

