ওদালগুৰি জিলাৰ ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা কনিষ্ঠ মহাবিদ্যালয়ৰ পুৰণা পৰিচালনা সমিতিক বিদায় দি নতুনকৈ পৰিচালনা কমিটি গঠন কৰাৰ বাবে অহা ইং ১৯ নবেম্বৰ ২০২১তাৰিখ দিন ধার্য্য কৰা হৈছে । উক্ত দিনা ৰাতিপুৱা ১০ বজাত মহাবিদ্যালয়ত এখন সাধাৰণ সভা আহ্বান কৰা হৈছে বুলি মহাবিদ্যালয়ৰ অধ্যক্ষই জনাইছে ৷ওদালগুৰি আৰু শোনিতপুৰ জিলাৰ সীমান্তৰ ৭০নং মাজবাট বিধান সভা সমষ্টিৰ তথা বিটিআৰৰ পাঁচনৈ চেৰফাং সমষ্টিৰ ওৰাঙত ,পাঁচনৈ নদীৰ কাষত অৱস্থিত একমাত্ৰ কণিষ্ঠ মহাবিদ্যালয় খনৰ অনাগত দিনত আন্তগাথঁনিৰ পৰা শিক্ষা দীক্ষা ,ছাত্ৰ ছাত্ৰী শিক্ষাগুৰু সকলৰ নানান দিশ বোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সুন্দৰভাৱে পৰিচালনা কৰাৰ স্বাৰ্থত স্থানীয় ৰাইজৰ সৰ্বসন্মতি অনুযায়ী নতুনকৈ পৰিচালনা কমিটি গঠন কৰাৰ পোষকতা কৰে মহাবিদ্যালয় খনৰ চলিত বৰ্ষৰ পৰিচালনা কমিটি ও কলেজ কৰ্তৃপক্ষই । উক্ত মহাবিদ্যালয় খনৰ অধ্যক্ষ মামলু ৰাম ডেকাই অঞ্চলৰ সচেতন নাগৰিক সকলক দলে বলে সাধাৰণ সভাত অংশগ্ৰহণ কৰিবলৈ আৰু সৰ্বদিশতে সকলো ধৰণৰ সহায় সহযোগিতা ,সৃষ্টিশীল ,গঠনমুলক দিহা পৰামৰ্শ আদি আগবঢ়ালৈ আহ্বান জনাইছে ৷