দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত নিতৌ বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ ৷ এই মহামাৰীৰ পৰা ৰক্ষা পাবৰ বাবে ভাৰতক সহায়ৰ হাত আগবঢ়াইছে বন্ধু দেশ জাৰ্মানীয়ে ৷ বৃহৎ পৰিমাণৰ টেষ্টিং কিট, পিপিই পঠাইছে জাৰ্মানীয়ে৷ তাৰ লগতে আর্থিক সাহায্য আগবঢ়াইছে এংগেলা মাৰকেল চৰকাৰে ৷ উল্লেখ্য যে জাৰ্মানীয়ে ভাৰতলৈ ৩ লাখ ৩৩ হাজাৰ টেষ্টিং কিট পঠিয়াইছে ৷ তাৰ লগতে ছয় লাখ পিপিই পঠাব ৷ ইয়াৰ আৰ্থিক মূল্য এক কোটি ৫০ লাখ ইউৰো বুলি প্ৰকাশ ৷ ভাৰতীয় মুদ্ৰাত প্ৰায় ১৩০ কোটিৰো অধিক ৷ এই সাহায্যৰ কথা দেওবাৰে ঘোষণা কৰে জাৰ্মানীৰ মন্ত্ৰী জাৰ্ড মুলাৰে ৷ মন্ত্ৰীজনে লগতে কয়, ভাৰতত ক’ৰোনা ৰোধৰ বাবে এই সাহায্য আগবঢ়োৱা হৈছে ৷ জাৰ্মানীৰ উন্নয়ন মন্ত্ৰালয়ে ভাৰতক হ্ৰস্ব ম্যাদী ঋণ দিছে ৷ ৪৬ কোটি ইউৰো ঋণ দিয়া হৈছে ভাৰতক ৷ মুলাৰে জনায় যে ভাৰতৰ ৮০ কোটি মানুহক খাবৰ বাবেই এই ঋণ দিয়া হৈছে ৷ উল্লেখ্য যে ৩২ কোটি মানুহে ক’ৰোনাৰ বাবে কাম হেৰুৱাইছিল ৷ তেওঁলোককো সহায় কৰা হ’ব ৷ বিশ্বত ক’ৰোনা মোকাবিলা কৰাৰ উদ্দেশ্যে এই যুঁজ বুলি প্ৰকাশ ৷ মন কৰিব লগা যে ভাৰতত যোৱা ২৪ ঘণ্টাত ৯০ হাজৰা ৬৩২ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ইমান সংখ্যক মানুহ একেদিনাই পৃথিৱীত কোনো দেশতে আক্ৰান্ত হোৱা নাই ৷

