Breaking

দীৰ্ঘায়ু হ’বৰ বাবে ঘিউ–মাখন উপকাৰী…

0 60

যদি আপুনি শৰীৰৰ বৰ্ধিত ওজন কমাবৰ কাৰণে কম চৰ্বিযুক্ত আহাৰ খাবলৈ আৰম্ভ কৰিছে আৰু শৰীৰৰ ওজন বৃদ্ধি নহ’বৰ কাৰণে যদি আপুনি ঘিউ, মাখন, পনিৰৰ দৰে চৰ্বিযুক্ত আহাৰ খাবলৈ এৰিছে, তেনেহ’লে আপুনি কিছু সাৱধান হোৱা ভাল। অতি সম্প্ৰতি এটি গৱেষণা হোৱাৰ ফলাফললৈ লক্ষ্য কৰি বিজ্ঞানী সকলে এটি দাবী কৰিছে যে, চৰ্বিযুক্ত আহাৰ আপোনাৰ দীৰ্ঘায়ু লাভৰ কাৰণে জৰুৰী। অৰ্থাৎ যদি আপুনি ঘিউ, মাখনৰ দৰে চৰ্বিযুক্ত খাদ্য বেছিকৈ খাবলৈ লৈছে, তেনেহ’লে আপোনাৰ আয়ুস বাঢ়িব।

অসময়ত মৃত্যুৰ আশংকা

গৱেষণাৰ ফলাফলৰ তথ্য অনুসৰি এই কথা কোৱা হৈছে যে, কম চৰ্বিযুক্ত খাদ্য খোৱাৰ ফলত অসময়ত মৃত্যু হোৱাৰ আশংকা বৃদ্ধি পায় অৰ্থাৎ দীৰ্ঘায়ু লাভৰ বাবে আপুনি মাখন, ঘিউ, কণী, মাছৰ দৰে খাদ্যদ্ৰব্য খাবই লাগিব।

কাৰ্বোহাইড্ৰেটৰ পৰা আঁতৰত থাকক

গৱেষণাৰ এই ৰিপোৰ্টটোৱে দাবী কৰি কৈছে যে, কাৰ্বোহাইড্ৰেট অধিক মাত্ৰাত সেৱন কৰিলে মৃত্যুৰ আশংকা বৃদ্ধি পায়। কানাডাৰ মেক মাষ্টৰ ইউনিভাৰচিটিৰ জ্যেষ্ঠ অধ্যাপক মহশীদ দহখানে কৈছে যে, – ‘চৰ্বিযুক্ত খাদ্য কমকৈ খালে কাৰ্বোহাইড্ৰেটৰ মাত্ৰা বৃদ্ধি পায়। আমাৰ অধ্যয়নে কৈছে যে – দক্ষিণ এচিয়াৰ দৰে এলেকাৰ বয়োজ্যেষ্ঠ সকলে খাদ্যত অধিক চৰ্বিৰ ব্যৱহাৰ নকৰে বৰং কাৰ্বোহাইড্ৰেট বেছিকৈ সেৱন কৰে। এই অৱস্থা হ’লে কম বয়সতে মৃত্যু ভয় নিশ্চয় বাঢ়িব।

খাদ্যত চৰ্বিৰ ব্যৱহাৰৰ উপকাৰিতা সম্পৰ্কে কৰা গৱেষণাত পাঁচখন মহাদেশৰ প্ৰায় ১ লাখ ৩৫ হেজাৰ মানুহৰ ওপৰত প্ৰায় সাত বছৰ পৰ্যন্ত অধ্যয়ন চলোৱা হৈছিল। এই গৱেষণাৰ সবিশেষ লেনছেট আলোচনীত প্ৰকাশ পাইছিল। অধ্যয়নটোৰ শেষত গৱেসক সকলে এটা কথা কৈছিল যে, এতিয়া খোৱা – বোৱা সম্পৰ্কে মানুহৰ মাজত ভ্ৰান্ত ধাৰণাবোৰ নিশ্চয় দূৰ হ’ব।

Leave A Reply