Breaking

আদা দিয়া চাহ প্ৰায়ে সেৱন কৰে, কেতিয়াবা নহৰু দিয়া চাহ খাইছেনে? এই চাহৰ আছে বহু উপকাৰীতা…

0 87

ভাৰতত প্ৰায়ে আদা দিয়া চাহ খোৱাৰ অভ্যাস আছে। এই আদা দিয়া চাহ খোৱাৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে? প্ৰতিদিনে ৰাতিপুৱা এই চাহ সেৱন কৰিব পাৰে। এতিয়ালৈকে আপুনি নিশ্চয় আদা বা আন ধৰণৰ চাহ সেৱন কৰিছিল, কিন্তু আজি আমি আপোনালোকক জনাম নহৰু চাহৰ উপকাৰিতাৰ বিষয়ে। কোৱা হয় নহৰু চাহ খালে বহু উপকাৰ পোৱা যায়। এই চাহে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰনৰ কাম কৰে। ইয়াৰ বাহিৰেও এই চাহৰ বহুতো উপকাৰ আছে-


আচলতে নহৰু এন্টিবেক্টেৰিয়েল আৰু এন্টিভাইৰেল গুণ আছে। ইচ্ছা কৰিলে নহৰু চাহত আদা আৰু দালচেনিও দিব পাৰে।

১) ডায়েবেটিছ ৰোগীৰ বাবে নহৰু চাহ অতি উপকাৰী। ইয়াৰ ফলত শৰীৰত তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস পায়।
২) নহৰু চাহ সেৱন কৰিলে শৰীৰৰ পৰা মলি আঁতৰি যায়।
৩) নহৰু চাহৰ দ্বাৰা ওজন কমাব পাৰি।
৪) নহৰু চাহে হৃদৰোগ উন্নত কৰিব পাৰে। ইয়াক সেৱন কৰিলে ৰক্ত সঞ্চালন উন্নত হয়, বেয়া কলেষ্টেৰলৰ মাত্ৰাও কমি যায়। যাৰ বাবে হৃদৰোগৰ পৰা হাত সাৰিব পাৰি।
৫) নহৰু চাহ খালে শ্বাস-প্ৰশ্বাসজনিত ৰোগ প্ৰতিৰোধ কৰিব পাৰি। ইয়াৰ উপৰিও শীতকালত জ্বৰ আৰু কাহ নিৰাময় কৰিব পাৰি।
৬) এই চাহ এবিধ শক্তিশালী এন্টিবায়টিক পানীয়, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

নহৰু চাহ কেনেকৈ বনাব জানি লওক এই বিষয়ে-

ইয়াৰ বাবে আপুনি প্ৰথমে এটা বাচন ল’ব। তাত একাপ পানী উতলাই লওক। কিছুসময়ৰ পাছত নহৰুধিখিনি থেতেলিয়াই দি তাতেই দিব। ইয়াৰ লগতে এচামুচ জালুক দি তাৰ পিছত চাহখিনি পাঁচ মিনিট উতলিবলৈ দিব। পাঁচ মিনিটৰ পিছত গেছ বন্ধ কৰি বাচনত চাহখিনি চাকি লওক। এইদৰে আপোনাৰ চাহ সাজু হ’ব।

Leave A Reply