প্ৰেমৰ জালত পেলাই বৰ্হিৰাজ্যত বিক্ৰীৰ পৰিকল্পনা কিশোৰীক

দেশৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে লাভজেহাদৰ দৰে ঘটনা সংঘটিত হোৱা বুলি ব্যাপক চৰ্চা চলি থকাৰ সময়তে এইবাৰ নগাঁৱতো এনে ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে।প্ৰাপ্ত খবৰ মতে নগাঁও জিলাৰ ননৈৰ বাবুল খান নামৰ এজন যুৱকে ফেচবুকত নিজকে বাবুল দাস বুলি পৰিচয় দি নগাঁৱৰ ৰহাৰ এগৰাকী কিশোৰীক প্ৰেমৰ জালত পেলায়। বৰ্তমান বৰ্হিৰাজ্যত কৰ্মৰত যুৱকজনৰ পৰিয়ালৰ লোকে কালি নিশা ৰহাৰ পৰা কিশোৰীগৰাকীক পলুৱাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। কিশোৰীগৰাকীক পলুৱাই নিয়াৰ পিছত কালি নিশাই নগাঁৱৰ আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰে। বাবুল খান নামৰ যুৱকজনে নিজকে বাবুল দাস বুলি পৰিচয় দি  হিন্দু ধৰ্মাৱলম্বী কিশোৰীগৰাকীৰ সৈতে  ফেচবুকত চিনাকি হোৱাৰ পিছত প্ৰেমত পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। আনকি বাবুল খান নামৰ যুৱকজনে কিশোৰীগৰাকীক বহিঃৰাজ্যত নি বিক্ৰীৰ পৰিকল্পনা কৰাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।নগাঁৱত এনে ঘটনা পূৰ্বতে সংঘটিত হোৱা বুলিও জানিব পৰা গৈছে।

Related Articles