গোসাইগাঁৱৰ তুলসীবিলত ধৰ্ষণৰ বলি হৈ আত্মহত্যা যুৱতীৰ

কোকৰাঝাৰ জিলাৰ গোসাইগাঁওৰ মহকুমাৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত কুমগুৰী গাঁৱৰ এগৰাকী যুৱতী ধৰ্ষণৰ বলি হৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে ৷প্ৰাপ্ত বাতৰি মতে ,জামাল প্ৰধানীৰ ১৯ বছৰীয়া কন্যা  নূছতাৰা বেগমে  হাৰভাংগা  গাৱঁৰ  লতিফ আলীৰ পুত্ৰ খয়বৰ আলীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ৷ প্ৰেমক যুগ্মজীৱনৰ ৰূপ দিয়াৰ বাবে প্ৰেম প্ৰেমিকাই যোৱা দহ জুনৰ ৰাতি পলায়ন কৰি বিবাহ হোৱাৰ বাসনা লৈ ওলাই আহে যদিও  কুমগুৰী গাঁৱৰ প্ৰায়ত আব্দুল ওহাৱৰ পুত্ৰ বাদশা শ্বেখ (৪৫ য়ে নছতাৰা আৰু খয়বৰ আলীক  ৰাস্তাত আগভেটি ধৰি  খয়বৰক মাৰধৰ কৰি খেদি নূছতাৰাক ধৰ্ষণ  কৰি পথাৰত পেলাই থৈয় আহি নূছতাৰা বেগমৰ পৰিয়ালক বাদশা শ্বেখেই কয় যে আপোনাৰ ছোৱালী পথাৰত পৰি আছে ৷পৰিয়ালৰ লোকে লগে লগে গাৱঁৰ মানুহ আৰু আৰক্ষীক অৱগত কৰাত আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰি মৰনোত্তৰ পৰিক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে ৷উল্লেখ যে ধৰ্ষনৰ  সৈতে জড়িত বাদশা শ্বেখ আৰু খয়বৰ আলীক তুলসীবিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কোকোৰাঝাৰ জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

Related Articles