Breaking

শ্ৰেণীত এশ শতাংশ উপস্থিত থকা শিক্ষাৰ্থীক পুৰস্কাৰ প্ৰদান…

0 59

চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ উপস্থিতি নিয়মীয়া কৰাৰ বাবে এগৰাকী শিক্ষয়িত্ৰীৰ ব্যতিক্ৰমী প্ৰচেষ্টা। শ্ৰেণীত এশ শতাংশ উপস্থিত থকা শিক্ষাৰ্থীক পুৰস্কাৰ প্ৰদান। চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ উপস্থিতি নিয়মীয়া কৰাৰ বাবে ওদালগুৰিৰ এগৰাকী শিক্ষয়ত্ৰীয়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী প্ৰচেষ্টা। শ্ৰেণীত এশ শতাংশ উপস্থিত থকা শিক্ষাৰ্থীক এশ শতাংশ উপস্থিতি পুৰস্কাৰ প্ৰদান কৰি শিক্ষাৰ্থীক বিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত থকাৰ বাবে অনুপ্ৰাণিত কৰিছে। ওদালগুৰি চহৰৰ মাজমজিয়াত অৱস্থিত শংকৰদেৱ মিছন মাধ্যমিক বিদ্যালয়ৰ সংস্কৃত শিক্ষয়ত্ৰী পদ্মা দেৱীয়ে ২০২২-২৩ শিক্ষাবৰ্ষত বিদ্যালয়খনত পাঠদানৰ সময়ত এশ শতাংশ উপস্থিত থকা শিক্ষাৰ্থীসকলক এক আকৰ্ষণীয় পুৰস্কাৰেৰে পুৰস্কৃত কৰাৰ তথা পূৰ্বতেই উল্লেখ কৰি শিক্ষাৰ্থীসকলক নিয়মীয়া উপস্থিতিৰ বাবে অনুপ্ৰেৰণা যোগাই আহিছিল।

২০২২-২৩ শিক্ষাবৰ্ষত বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ ধ্ৰুৱাৰ্ক ভূঞা নামৰ এগৰাকী ছাত্ৰক শ্ৰেণীত এশ শতাংশ উপস্থিত থকাৰ বাবে যোৱা ১৫ আগষ্ট তাৰিখে বিদ্যালয়ত আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত শতাংশ উপস্থিতি পুৰস্কাৰ প্ৰদান কৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষক মুনীন্দ্ৰ কুমাৰ দাসৰ কৰকমলৰ দ্বাৰা ছাত্ৰ ধ্ৰুৱাৰ্ক ভূঞাক পুৰস্কাৰটি প্ৰদান কৰা হয়। এই উপলক্ষে প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয়ৰ পাঠ গ্ৰহণৰ সময়ত এশ শতাংশ উপস্থিত থাকিবলৈ সক্ষম হোৱা ছাত্ৰ ধুৱাৰ্ক ভুঞাই পাঠগ্ৰহণৰ বাবে দেখুওৱা আদৰ্শৰ শলাগ লৈ প্ৰতিজন শিক্ষাৰ্থীয়ে বিদ্যালয়ত এশ শতাংশ উপস্থিত থাকি পাঠগ্ৰহণৰ চেষ্ঠা চলাবলৈ আহ্বান জনোৱাৰ লগতে প্ৰতিগৰাকী শ্ৰেণী শিক্ষকে শিক্ষাৰ্থীসকলক বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এনে কিছুমান অভিনৱ পন্থা
গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

Leave A Reply