Glasgow 2026 Commonwealth Games । গ্লাছগো কমনৱেলথ গেমছলৈ অসমৰ চাৰি ক্ৰীড়াবিদৰ যোগ্যতা অৰ্জন , গৌৰৱান্বিত অসম । বক্সিঙত লাভলীনা বৰগোহাঁই, লন বলত নয়নমণি শইকীয়া আৰু পুতুল সোণোৱাল, পেৰাচাইক্লিঙত লিছা দাসে অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে ।
অসমৰ ক্ৰীড়া জগতলৈ পুনৰ আহিছে এক গৌৰৱময় মুহূৰ্ত। গ্লাছগো কমনৱেলথ গেমছৰ বাবে অসমৰ চাৰিগৰাকী প্ৰতিভাৱান ক্ৰীড়াবিদে যোগ্যতা অৰ্জন কৰি ৰাজ্যখনলৈ এক বিশেষ সন্মান কঢ়িয়াই আনিছে। তেওঁলোকৰ এই সাফল্যে কেৱল অসমকেই নহয়, সমগ্ৰ দেশকো গৌৰৱান্বিত কৰিছে।বক্সিঙত অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই, লন বলত নয়নমণি শইকীয়া আৰু পুতুল সোণোৱাল, লগতে পেৰাচাইক্লিঙত লিছা দাসে গ্লাছগো কমনৱেলথ গেমছত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে।
বিভিন্ন ক্ৰীড়া শাখাত তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু নিষ্ঠাৰ স্বীকৃতি হিচাপে এই সফলতা লাভ কৰিছে।চাৰিওগৰাকী ক্ৰীড়াবিদে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰাটো অসমৰ ক্ৰীড়া ইতিহাসৰ বাবে এক উল্লেখযোগ্য অধ্যায়। তেওঁলোকৰ এই সাফল্যই ৰাজ্যৰ নতুন প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিব আৰু অধিক সংখ্যক যুৱ-যুৱতীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সাহস যোগাব। চাৰিওগৰাকী ক্ৰীড়াবিদে গ্লাছগো কমনৱেলথ গেমছত উৎকৃষ্ট প্ৰদৰ্শনেৰে ভাৰতলৈ পদক কঢ়িয়াই আনিব আৰু বিশ্ব মঞ্চত অসমৰ নাম অধিক উজ্জ্বল কৰি তুলিব। সকলোৱে এতিয়া গ্লাছগো কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জন কৰা অসমৰ চাৰিওগৰাকী ক্ৰীড়াবিদলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ আগন্তুক প্ৰতিযোগিতাৰ বাবে অশেষ শুভেচ্ছা আৰু সফলতা কামনা কৰিছে।

