ছিংগাপুৰত অধ্যয়নৰ সুবিধা ডিব্ৰুগড় শিক্ষভেলী স্কুলৰ ছাত্ৰী: ১ কোটিটকীয়া জলপানি লাভ মৰাণৰ নিষ্ঠা নিৰ্মিতা মহন্তৰ । GLOBAL CITIZEN SCHOLARSHIP


GLOBAL CITIZEN SCHOLARSHIP ।ভাৰতৰ ৮ গৰাকী আৰু মধ্যপ্রাচ্যৰ ২গৰাকী শিক্ষার্থীয়ে লাভ কৰিছে এইবৰ্ষৰ গ্ল’বেল চিটিজেন স্কলাৰশ্বিপ। এই জলপানি লাভ কৰা ভাৰতীয় শিক্ষার্থীসকলৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ অসমৰ মৰাণৰ নিষ্ঠা নিৰ্মিতা মহন্তও আছে।


মৰাণৰ নিষ্ঠা নিৰ্মিতা মহন্ত ডিব্ৰুগড় শিক্ষা ভেলী স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
এই জলপানিত আছে ১ কোটি টকা। এই ধনেৰে তেওঁলোকে ছিংগাপুৰত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম সমাপ্ত কৰিব পাৰিব। এই জলপানি লাভ কৰা শিক্ষাৰ্থীসকলে গ্ল’বেল ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল স্কুলৰ ছিংগাপুৰৰ স্মার্ট কেম্পাছত অধ্যয়নৰ সুবিধা লাভ কৰিব। এই জলপানিয়ে তেওঁলোকৰ দুবছৰীয়া উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ টিউশ্যন ফীজ, থকা (বর্ডিং) আৰু নির্বাহৰ (লিভিং) ব্যয় বহন কৰিব। তদুপৰি এই শিক্ষার্থীসকলে লাভ কৰিব যথেষ্ট পৰিমাণৰ ভাত্তা (স্টাইপেন্ড)। অষ্টাদশ গ্ল’বেল চিটিজেন স্কলাৰশ্বিপ লাভ কৰাসকলক সম্বর্ধনা জনাবলৈ নতুন দিল্লীত গ্ল’বেল ইণ্ডিয়ান ইন্টাৰনেশ্যনেল স্কুলে এক অনুষ্ঠানৰো আয়োজন কৰে। ডিব্ৰুগড় শিক্ষাভেলী স্কুলৰ শিক্ষাৰ্থী তথা জলপানি লাভ কৰা অসমৰ মৰাণ
টিখৰাই তিনিআলি নিবাসী হৃদয় কৃষ্ণ মহন্ত আৰু পুৰৰ্বী মহন্তৰ কনিষ্ঠা কন্যা।
এখন সন্মানীয় শিক্ষা প্রতিষ্ঠানত অধ্যয়নৰ সুবিধাতকৈ ই বহুত বেছি। ই হৈছে বিশ্ব সম্প্রদায়ৰ অংশ হোবা, যি আমাক ডাঙৰ সপোন দেখিবলৈ, লক্ষ্য উচ্চ কৰিবলৈ আৰু ভালদৰে সেৱা আগবঢ়াবলৈ উৎসাহিত কৰিব বুলি কয় আনহাতে
নিষ্ঠা নির্মিতা মহন্তৰ পিতৃ -মাতৃ আৰু ককাকে এই ক্ষেত্ৰত অতিশয় আনন্দিত বুলি কয়।দুবছৰ ছিংগাপুৰ বিজ্ঞান বিষয়ত অধ্যয়ন কৰি নিষ্ঠা নির্মিতা মহন্তই ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী তেওঁলোক।দেশৰ উন্নয়নৰ বাবে এগৰাকী সুযোগ্য সু- নাগৰিক হোৱা কামনা কৰিছে পিতৃ -মাতৃ আৰু ককাক আইতাকে।
নিষ্ঠা নির্মিতা মহন্তৰ এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱ আৰু নৱ প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে।

Related Articles