গুৱাহাটী, ৮ জুন: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মা বৰ্তমান জটিল বৃক্ক ৰোগত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। চিকিৎসা সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, তেওঁৰ বৃক্কদ্বয় অকাৰ্যকৰ হোৱাৰ ফলত বিশেষ চিকিৎসাৰ প্ৰয়োজন দেখা দিছে আৰু তেওঁক কলকাতালৈ প্ৰেৰণ কৰা হৈছে, য’ত আগন্তুক দিনবোৰত বৃক্ক সংৰোপণ (Kidney Transplant) কৰা হ’ব।

অসমৰ চিকিৎসা ক্ষেত্ৰৰ এগৰাকী বিশিষ্ট ব্যক্তি হিচাপে ডাঃ শৰ্মাই কেৱল চিকিৎসাশাস্ত্ৰৰ ক্ষেত্ৰতে নহয়, সাধাৰণ ৰাইজৰ সৈতে সদায় সুসম্পৰ্ক বজাই ৰাখি এক মানবিক মুখ প্ৰতিষ্ঠা কৰিছে। ৰোগী তথা ৰোগীৰ পৰিয়ালৰ সৈতে যি সহানুভূতিপূৰ্ণ মনোভাৱ ডাঃ শৰ্মাই দেখুৱাই আহিছে, সেইয়া GMCHত তেওঁক এটা বিশেষ স্থানে ৰাখিছে।

উল্লেখযোগ্য যে, ডাঃ অভিজিৎ শৰ্মাই সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ লগতো সদায় সদ্ভাৱপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছিল। যিকোনো জনস্বাস্থ্য সম্পৰ্কীয় খবৰৰ ক্ষেত্ৰত সংবাদিকসকলক তথ্য দিয়াত তেওঁৰ সহযোগিতা বিশেষকৈ প্রশংসনীয়। এইজন জনমুখী চিকিৎসকৰ অসুস্থতাৰ খবৰে চিকিৎসক সমাজৰ লগতে সংবাদ মাধ্যম আৰু সাধাৰণ ৰাইজৰ মাজতো গভীৰ চিন্তা আৰু উদ্বেগৰ সৃষ্টি কৰিছে।
GMCHৰ সূত্ৰ অনুসৰি, বৰ্তমান তেওঁক কলকাতাৰ এজন খ্যাতনামা চিকিৎসকৰ তত্বাৱধানত চিকিৎসা দিয়া হৈছে আৰু সকলোৰে পৰা তেওঁৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনোৱা হৈছে।