Breaking

পশ্চিম গুৱাহাটী সমষ্টিত জিএম ডি এ উপাধক্ষ্য মুকুতা ডেকাৰ পৰিয়াল সম্পৰ্ক অভিযান

0 2,036

আগন্তুক বিধানসভা নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অবস্থাত প্ৰতিটো ৰাজনৈতিক দলে ভোটাৰৰ কাষ চাপিবলৈ আৰম্ভ কৰিছে ৷ শাষকীয় দল বিজেপিয়ে ২৩ ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ ৰাজ্যত পৰিয়াল সম্পৰ্ক অভিযান আৰম্ভ কৰে ৷ ৰাজ্যিক সভাপতি ৰন্জিত দাসে দিশপুৰ সমষ্টিৰ অন্তৰৰ্গত বেলতলাৰ পৰা যোৱা ২৩ ফেব্ৰুৱাৰীত পৰিয়াল সম্পৰ্ক অভিযানৰ শুভাৰম্ভ কৰিছিল ৷ ইয়াৰ অংশ হিচাপে আজি পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰৰ্গত দক্ষিণ গুৱাহাটী মন্ডলৰ সহযোগত ২০৩–২০৪ নং বুথত জি এম ডি এ উপাধক্ষ্য তথা  গুৱাহাটী মহানগৰ জিলাৰ প্ৰাক্তন সভাপতি মুকুতা ডেকাই  ভালেসংখ্যক  বাসগৃহত উপস্থিত হৈ পৰিয়াল সম্পৰ্ক অভিযান আৰম্ভ কৰে ৷পৰিয়াল সম্পৰ্ক অভিযানত  ডেকাক সংগ দিয়ে বুথ সমিতিৰ কেইবাগৰাকী সভাপতি, দলীয় কৰ্মীয়ে ৷৷ উল্লেখ্য যে  মুকুতা ডেকা আগন্তুক বিধান সভা নিৰ্বাচনৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ প্ৰবল দাবীদাৰ বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি অসম গন পৰিষদৰ দখলত থকা পশ্চিম গুৱাহাটী সমষ্টি এইবাৰ বিজেপিৰ দখললৈ অনাৰ বাবেই উথিপৰি লাগিছে ৷

Leave A Reply