Breaking

অসমত পোনপ্ৰথমবাৰৰ বাবে জিএনআৰচি দিছপুৰ চিকিৎসালয়ত মেচবিহীন হার্নিয়া অস্ত্ৰোপচাৰ আৰম্ভ

0 135

উত্তৰ-পূৰ্বাঞ্চলৰ মাল্টিস্পেচিয়েলিটী জিএনআৰচি হাস্পতালৰ দিছপুৰ শাখাত মেচলেছ স্মল ইনচিছন অ’পেন হার্নিয়া অৰ্জাৰী (Meshless Small Incision Open Harnia Sur gery) আৰম্ভ কৰা হৈছে। এই ন্যূনতম ইনভেচিত পদ্ধতিয়ে ৰোগীসকলক সোনকালে আৰোগ্য কৰাৰ লগতে পৰম্পৰাগত হানিয়াৰ মেৰামতিতকৈ ইয়াত জটিলতাৰ আশংকাও বহু পৰিমাণে কম।

জিএনআৰচি দিছপুৰৰ লেপাৰাপী এণ্ড মিনিমেলী ইনভেটিভ ছাৰ্জাৰী বিভাগৰ মুখ্য পৰামৰ্শদাতা ডাঃ নিপাংক গোস্বামীয়ে জনায় যে “উত্তৰ-পূব ভাৰতৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা দুখীয়া ৰোগীসকলেও যাতে কম খৰচতে মেচবিহীন অ’পেন গ্রহন হার্নিয়া অস্ত্ৰোপচাৰ কৰি সন্তোষজনক ফল লাভ কৰে। এই সেৱা জিএনআৰচি হাস্পতালৰ “ব্যয়সাধ্য স্বাস্থ্য আঁচনি”ৰ কথা মনত ৰাখিয়েই প্ৰদান কৰা হৈছে। বর্তমান যুব তথা সক্রিয় ব্যক্তিৰ ক্ষেত্ৰত অধিক পৰিমাণে হোৱা গ্ৰইন হার্নিয়াৰ দৰে সংশোধনযোগ্য অস্ত্ৰোপচাৰ কৰিব লগীয়া ৰোগীৰ সংখ্যা সমাজত অত্যধিক পৰিমাণে বৃদ্ধি হৈছে। ৪৫ বছৰৰ ঊৰ্ধ্বৰ বয়সৰ লোকৰ মাজত প্রায় ৪ শতাংশ লোক কৰঙনৰ হার্নিয়াত আক্রান্ত হয়।

সকলো বয়স সামৰি ল’লে এই ৰোগত আক্রান্ত লোকৰ সংখ্যা প্রায় ১.৭ শতাংশ। অসমৰ ৩.২ কোটি জনসংখ্যাৰ মাজত প্রায় ৫,৪৪,০০০জন লোক কৰজনৰ হার্নিয়াত আক্ৰান্ত হৈ আছে। ফলত গ্ৰইন অঞ্চলত ফুলা (হার্নিয়া), কেতিয়াবা দুয়োফালে ফুলাৰ বাবে পৰিয়ালৰ পুৰুষ উপার্জনকাৰী সদস্যজনে বা কৃষিকৰ্মৰ লগত জড়িত ব্যক্তিগৰাকীয়ে উপাৰ্জন কৰিবলৈ অক্ষম হৈ পৰে যাৰ বাবে সমাজৰ অৰ্থনৈতিক দিশতো ঋণাত্মক প্রভাব পৰা পৰিলক্ষিত হৈছে।

ভাৰতত গ্ৰইন হাৰ্নিয়াৰ প্ৰাদুৰ্ভাৱ প্ৰায় ২৫ শতাংশই পুরুষ ৰোগীৰ হয়। গ্রইন হার্নিয়াৰ বেছিভাগে চহৰ অঞ্চলত ন্যূনতম ইনভেচিড অস্ত্ৰোপচাৰ বা লেপাৰ পীৰ দ্বাৰা কৃত্রিম ইমপ্লান্টৰ জৰিয়তে সংস্থাপন কৰা হয়। কিন্তু ইয়াৰ খৰচ ইমানেই বেছি যে যিটো দেশৰ নিম্ন আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে সামৰ্থৰ বাহিৰত। ইয়াৰ উপৰিও লেপাৰ স্তুপী পদ্ধতি সাধাৰণ এনাস্থেছিয়াৰ অধীনত কৰা হয়। সেয়েহে বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ বাবে উপযুক্ত নহবও পাৰে। তেওঁলোক গ্ৰইন হার্নিয়াত আক্রান্ত হ’লে হৃদযন্ত্ৰ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাতো ভুগিব পাৰে।”

“সেয়েহে আমি জিএনআৰচি দিছপুৰত গ্ৰইন হাৰ্নিয়া ৰোগীৰ চিকিৎসাৰ বাবে জালবিহীন (Meshless), কিন্তু অ’পেন হার্নিয়া অস্ত্ৰোপচাৰ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে৷ যিটো সাধাৰণতে মেরুদণ্ড বা কঁকালৰ তলত এনাস্থেছিয়াৰ সহায়ত কৰা হয়। নার্ভ ব্লক বা লোকেল এনাস্থেছিয়া প্রয়োগ কৰি চিকিৎসালয়ত কম সময়ৰ বাবে থকা বা নির্বাচিত ৰোগীসকলক ডে’ কেয়াৰ সেৱাৰ যোগেদিও চিকিৎসা প্রদান কৰিবলৈ ব্যৱস্থা হাতত লৈছো। ইয়াৰ ফলত ৰোগীসকলে হাস্পতালত কম সময় থাকিব লগা হোৱা বাবে চিকিৎসালয়ৰ খৰচৰ মাত্ৰাও কম হয়। আমি ডাক্তৰ মোহন ডেছাৰণাৰে উদ্ভাৱন কৰা Desarda Repair নামৰ স্থানীয় টিচ্যু মেৰামতি পদ্ধতিটোবে অস্ত্ৰোপচাৰ কৰিবলৈ সিদ্ধান্ত লৈছো”- পুনেৰ এগৰাকী প্রখ্যাত সাধাৰণ শল্য বিশেষজ্ঞ ডাঃ নিপাংক গোস্বামীয়ে জনায়; লগতে এই পদ্ধতি প্ৰয়োগ কৰি অতি কম খৰচতে ৰোগীয়ে সন্তোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ উল্লেখ কৰে।

হাৰ্নিয়া হৈছে পেটৰ ছালৰ তলত উখহি উঠা অংশ, যিটো পেশীৰ দুৰ্বল ঠাইৰ মাজেৰে কোনো অংগ বা টিচ্যু ঠেলি বাহিৰলৈ ওলাই আহে। হাৰ্নিয়া অস্ত্ৰোপচাৰ পদ্ধতিৰ দ্বাৰা হার্নিয়া মেৰামতি কৰা হয় আৰু ইয়াক পুনৰাই নহ’বলৈ প্ৰতিৰোধ কৰা হয়। প্রায়ভাগ হার্নিয়া ৰোগীৰ ক্ষেত্ৰত মেচ ব্যবহাৰ কৰি অস্ত্ৰোপচাৰ কৰা হয়।

Leave A Reply