Breaking

গো-পাল সংস্কৃতি এতিয়াও জীয়াই ৰাখিছে জামুগুৰিহাটৰ এখন গাঁৱে : জীয়া ভৰলীৰ পাৰৰ কঁহুৱা বনৰ মাজৰ পৰা বতাহত ভাঁহি আহে গৰখীয়াৰ বাঁহীৰ সুৰ

0 1,252

আধুনিকতাৰ পৰশ পৰি অসমীয়া গ্ৰাম্য সমাজৰ পৰা ক্ৰমাৎ হেৰাই যোৱা এক পৰম্পৰা হ’ল গো-পাল প্ৰথা।আজিৰ পৰা ২০-২৫ বছৰৰ আগলৈকে অসমৰ প্ৰায় প্ৰতিখন গাঁৱতেই বিৰাজমান আছিল এই প্ৰথা।প্ৰতিখন গাঁৱৰ প্ৰত্যকজন ব্যক্তিৰ ঘৰৰ সমুহ গৰু গাই সমুহীয়া ভাৱে চৰাবলৈ লৈ যোৱা হৈছিল। প্ৰতিদিনাই পাল পাতি গাঁওখনৰ ২ খন ঘৰৰ ২ জনকৈ ব্যক্তিয়ে চলাবলৈ লৈ যায় গৰু সমুহ।নৈ পাৰত বা পথাৰত গাঁৱৰ পৰা লৈ যোৱা গৰু সমুহ এৰি গৰু ৰখীয়াই গছৰ তলত বহি আপোনমনে জিৰণি লয়।কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে অসমীয়া গ্ৰাম্য সমাজৰ পৰা এই পৰম্পৰা নাইকিয়া হৈ গ’ল।গাঁৱত গৰু গাই পোহা মানুহৰ সংখ্যাও কমি গ’ল।যান্ত্ৰিকতাৰ ধামখুমিয়াত হেৰাই যাবলৈ ধৰা অসমীয়া গ্ৰাম্য সমাজৰ এই পৰম্পৰা কিন্তু এতিয়াও ধৰি ৰাখিছে জামুগুৰিহাটৰ এখন গাঁৱৰ ৰাইজে।ককাদেউতাৰ দিনৰ শ-শ বছৰীয়া এই পৰম্পৰা এতিয়াও অক্ষুন্ন ৰাখিছে জামুগুৰিহাটৰ পশ্চিম প্ৰান্তৰ মৰণাকুৰি গাঁওৰ ৰাইজে।গাঁওখনৰ ৰাইজে সমুহিয়াভাৱে এতিয়াও চৰাবলৈ যায় গৰু।গাঁওখনৰ শ-শ গৰু  পাল পাতি চৰাবলৈ লৈ যায় প্ৰত্যেকদিনাই।জীয়া ভৰলী নদীৰ পাৰৰ চাপৰিলৈ ৰাতিপুৱাই উলিয়াই নিয়া গৰু সমুহ গধূলী হোৱাৰ আগে আগে  ৰখীয়াই লৈ আহে গাঁৱলৈ।পাল পাতি গৰু চৰাবলৈ গৈ নদীৰ পাৰত বাঁহীত সুমধুৰ গীত জোৰে গৰু ৰখীয়াই। ভৰলীৰ পাৰৰ কহুৱা বনৰ মাজত গৰু চৰাবলৈ গৈ গৰু চাই থকাৰ মাজতে লগত লৈ যোৱা বাঁহীত গীতৰ আপোনমনে সুঁৰ দিয়ে ৰখীয়াই ।কহুৱা বনৰ মাজৰ পৰা ৰিণি ৰিণি ভাঁহি অহা বাঁহীৰে সুৰে নিকটৱৰ্ত্তী গাঁৱৰ ৰাইজক এক সুকীয়া মাদকতা দিবলৈও সক্ষম হয়৷আধুনিকতাৰ বতাহে চুই যোৱাৰ সময়তো অসমীয়া সমাজৰ এই নিভাঁজ পৰম্পৰা জামুগুৰিহাটৰ মৰণাকুৰি গাৱে ধৰি ৰখাটো সঁচাই নান্দনিকতাপূৰ্ণ। 

Leave A Reply