Breaking

বিশ্বব্ৰহ্মাণ্ডলৈ যাব নেকি? ২০২৭ত মুকলি হ’ব স্পেচ হোটেল!

0 2,033

এখন বিশেষ হোটেলক লৈ চলিছে চৰ্চা। যিখন হোটেল আপুনি মই ভৱা ধৰণে তেনেই সাধাৰণ হোটেল নহয়। সঁচাকৈয়ে আচৰিত এতিয়াৰ বিজ্ঞান প্ৰযুক্তি। এই যে হোটেলখন দেখিছে, হোটেলখন আচলতে নিৰ্মাণ কৰি থকা হৈছে আকাশ মাৰ্গত। আকাশমাৰ্গৰ বিশ্বব্ৰহ্মাণ্ডত ওপঙি থাকিব এই হোটেলখন। ২০২৭ চনত মুকলি কৰিব অৰ্বিটাল এচেম্বলী কৰ্পোৰেচনৰ দ্বাৰা নিৰ্মাণ হৈ থকা এই স্পেচ হোটেল। হোটেল মুকলি হোৱাৰ পিছতে আপুনিও সময় কটাব পাৰিব স্পেচ হোটেলত। যাৰ বাবে আপুনি পৰিশোধ কৰিব লাগিব বৃহত পৰিমাণৰ ধনৰাশি। দেখাত কুৰুজৰ জাহাজৰ দৰে হ’ব এই হোটেলখন।


যিখন হোটেলখনত ২৪টা মডিউল উপলব্ধ হব আৰু এলিভেটৰৰ জড়িয়তে ইজনে আনজনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। অৰ্বিটেল এচেম্বলী কৰ্পোৰেচন কোম্পানীটোৱে জনোৱা অনুসৰি জেষ্ঠ ডিজাইনাৰ, আৰ্কিটেক্ট টিম আলটৰে সংবাদ মাধ্যমক জনোৱা অনুসৰি এই হোটেলখন আকাশমাৰ্গত ঘূৰ্ণীয়মান অৱস্থাত থাকিব, যেনেদৰে পানী ভৰ্তি বাল্টি এটা যিদৰে ঘূৰে ঠিক একেদৰে এই হোটেল খনো ঘূৰিব। লগতে আপুনি বিচৰা সকলো ধৰণৰ সা-সুবিধা উপলব্ধ হব এই বিশেষ হোটেলখনত।

হোটেলখনত বিভিন্ন সা-সুবিধা থকাৰ লগতে নিৰ্মাণ কৰা হৈছে এখন বৃহত আকৃতিৰ খেল পথাৰো, যত ব্যক্তিসকলে বিভিন্ন ধৰণৰ খেল খেলিব পাৰিব। হোটেলনিৰ্মাণৰ কোম্পানীৰ বিষয়াসকলে জনোৱা অনুসৰি যিসকল ব্যক্তিয়ে বিশ্বব্ৰহ্মাণ্ড ভ্ৰমণ কৰিব বিচাৰে সেইসকল ব্য়ক্তিৰ বাবে এই হোটেলখনত ভ্ৰমণৰ জড়িয়তে নিজৰ মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব। যিসকল ব্যক্তিৰ হাতত যথেষ্ট ধন থকাৰ পিছতো মহাকাশ ভ্ৰমণ কৰিব নোৱাৰে সেই সকলে ব্যক্তিয়ে প্ৰথমে এই হোটেলখন বাচনি কৰিব পাৰিব। অৱশ্যে বিজ্ঞানীসকলে বিভিন্ন গ্ৰহত মানুহ থকাৰ বাবে বহু গৱেষণা কৰিছে যদিও এতিয়ালৈকে সম্ভৱপৰ হৈ উঠা নাই।

Leave A Reply