Goalpara । গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰাত উচ্ছেদ অভিযানৰ পিছত কিছু সংখ্যক লোকে আজিও উক্ত অঞ্চল এৰি নোযোৱাৰ ফলত আজি বনবিভাগৰ লগতে আৰক্ষী লোক সকলে উক্ত অঞ্চলৰ চলাচলৰ বাট পথ সমূহ বন্ধ কৰি দিয়াৰ অৰ্থে জে চি বি আনি খান্দিবলৈ ধৰাত এক উত্তেজনা মূলক পৰিবেশৰ সৃষ্টি হয় । অঞ্চলটোত থকা একাংশ পুৰুষ মহিলাৰ মাজত আৰক্ষী আৰু বনবিভাগৰ মাজত যুক্তি তৰ্ক আৰম্ভ হোৱাৰ পিছত পৰিস্থিতি বেয়াৰ পিনে ঢাল খায় । স্থানীয় লোক সকলে হাতে হাতে লাঠি জং লৈ আৰক্ষীৰ লোকক আক্ৰমণ কৰিবলৈ ধাৰাৰ পিছত আৰক্ষীয়ে উচ্ছেদিত লোকৰ ওপৰত গুলিছালনা কৰিবলৈ ধৰে ।

গুলিছালনাৰ পিছত থিতাতে মনোৱাৰ আলীৰ পুত্ৰ চকোৱাৰ আলী (১৯) মৃত্যু হয় । আনহাতে আমিৰ হামজা ২১ আৰু কুসুমুদ্দিন আলীক অতি সংকত জনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ পোৱা গৈছে । অৱশ্যে এইমুহূৰ্তলৈ সকলোৰে নাম সমূহ পাবলৈ সক্ষম হোৱা নাই । এইক্ষেত্ৰত কেইবাজনো আৰক্ষীৰ লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে । আনপিনে আমছুৰ কেন্দ্ৰীয় কমিটিৰ সহ সাধাৰণ সম্পাদক আনিমুল হক চৌধুৰীয়ে এইকাৰ্যৰ তীব্ৰ নিন্দা কৰাৰ লগতে জিলা বন সংমণ্ডল প্ৰাধিকৰী বিষয়া তেজশ স্বামীৰ ভুলৰ বাবে এইকাৰ্য সংঘটিত হোৱা বুলি দাবী কৰাৰ লগতে এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি বন সংমণ্ডল বিষয়াৰ নিলম্বনৰ দাবী কৰে । বাতৰিটো লিখি দিয়ক

