Breaking

গোগামুখ মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপঃ হাই জাম্প খেলুৱৈ অনামিকা পেগুলৈ আৰ্থিক সহযোগিতা

0 87

ধেমাজি জিলাৰ গোগামুখৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান গোগামুখ মহাবিদ্যালয়খন নতুন ৰূপত উদ্ভাহিত হ’বলৈ আৰম্ভ হৈছে৷ মহাবিদ্যালয়খনত বিগত বৰ্ষত অধ্যক্ষ হিচাপে যোগদান কৰাৰ পাছতে অধ্যক্ষ ড°  দিলীপ কুমাৰ ঝাই মহাবিদ্যালয়খনত বহু উন্নয়নমুখী আঁচনি হাতত লোৱাৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক-ছাত্ৰ-ছাত্ৰীসকলৰ সম্পৰ্ক সুদৃঢ় কৰিছে আৰু বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱা ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন সুবিধা প্ৰদান কৰিছে৷

ইয়াৰে অন্যতম হৈছে মহাবিদ্যালয়খনৰ প্ৰতিভাৱান খেলুৱৈ তথা হাই জাম্পাৰ অনামিকা পেগুক আৰ্থিক সহযোগিতা আগবঢ়োৱাটো৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ঝাৰ প্ৰত্যক্ষ তত্বাবধানত প্ৰতিভাৱান হাই জাম্পাৰ অনামিকা পেগুক মহাবিদ্যালয়খনৰ পৰিয়ালে সম্পূৰ্ণৰূপে পঢ়োৱাৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে খেলুৱৈ গৰাকীয়ে যাতে আৰ্থিক দিনতাত পৰি খেলত পিছপৰি নাযায় তাৰ বাবে প্ৰতিমাহে আৰ্থিক সাহায্য আগবঢ়াব৷

অনামিকাক প্ৰতি মাহে এই টকা যোগান ধৰিব অধ্যক্ষ দিলীপ কুমাৰ ঝাৰ দৰমহাৰ টকাৰে৷ শুকুৰবাৰে হাই জাম্পাৰ অনামিকাক প্ৰথমটো আৰ্থিক সাহায্য আগবঢ়াই অধ্যক্ষ দিলীপ কুমাৰ ঝা আৰু মহাবিদ্যালয়খনৰ তৃতীয় বৰ্গৰ সহায়ক নৱ কুমাৰ পেগুৱে৷ উল্লেখনীয় যে, অনামিকাই ইতিমধ্যে হাই জাম্পত অসম দলক প্ৰতিনিধিত্ব কৰি ইষ্ট জ’ন এথ্‌লেটিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে৷

গুৱাহাটী সৰুসজাইস্থিত ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় এথ্‌লেটিক ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা ট্ৰায়েলৰ হাই জাম্পত প্ৰথম স্থান অধিকাৰ কৰি চলিত বৰ্ষত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় জুনিয়ৰ এথ্‌লেটিক সমাৰোহত অসম দলক প্ৰতিনিধিত্ব কৰিব অনামিকাই৷ তদুপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰৰ অধীনত ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয় খেলপথাৰত চলিত বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত হোৱা আন্তঃমহাবিদ্যালয় এথ্‌লেটিক সমাৰোহত অনামিকাই হাই জাম্পত প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে ত্ৰিপ’ল জাম্পত দ্বিতীয় স্থান অধিকাৰ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল৷

লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয় খেলপথাৰত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা সদৌ অসম এথ্‌লেটিক সমাৰোহত অনামিকাই দ্বিতীয় স্থান লাভ কৰিছে৷ উল্লেখনীয় যে, অনামিকাৰ ঘৰ ধেমাজি জিলাৰ মিংমাঙৰ কঠালগুৰিত যদিও আইতাকৰ ঘৰত অনামিকা থাকে৷ অনামিকাৰ সকলো আপডাল অনামিকাক আপডাল কৰে আইতাক আৰু আইতাকৰ পৰিয়ালে৷

গোগামুখ মহাবিদ্যালয় আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাৰ এনে মহানুভৱতাই অনামিকাক অধ্যয়নৰ সমান্তৰালভাৱে খেলাৰ বাবেও অনুপ্ৰেৰণা যোগাব বুলি আশা কৰা হৈছে৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ঝাই মহাবিদ্যালয়খনৰ প্ৰতিভাৱান খেলুৱৈ শংকৰ বসুমতাৰী, পাহি দলে, পাৰিজাত দলে, ছোনীয়া বসুমতাৰী, বেবী দেউৰী,  বৰ্ষামণি পায়েং, জোনাকী দলে আদিকো পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰ-পত্ৰ পুৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই আটাইইগৰাকী খেলুৱৈয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ আন্তঃমহাবিদ্যালয় এথ্‌লেটিক মীটত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ 

Leave A Reply