Gogamukh-Dhakuakhana News: জৰাজীৰ্ণ গোগামুখ-ঢকুৱাখনা পথ পুনৰ নিৰ্মাণৰ দাবীত আছুৰ উত্তাল প্ৰতিবাদ

সম্প্ৰতি অতিকৈ (Gogamukh-Dhakuakhana News) পয়ালগা আৰু জৰাজীৰ্ণ হৈ পৰিছে ধেমাজি জিলাৰ গোগামুখ- ঢকুৱাখনা সংযোগী ৰাজ্যিক ঘাইপথ ৷ পুনৰ মেৰামতি আৰু নিৰ্মাণৰ অভাৱত যাতায়াতৰ অনুপযোগী হৈ পৰিছে আৰু পথটোক লৈ পথচাৰীসকল অতিষ্ঠ হৈ পৰিছে ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ বিধানসভা সমষ্টি তথা গৃহ চোতালৰ পথচোৱাৰ এনে দুৰবস্থাই ৰাইজক দীৰ্ঘদিন ধৰি যমৰ যান্ত্ৰনা দি অহাত গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই আজি ৰাজ্যিক ঘাইপথত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ এঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদী আছুৰ কৰ্মী-সদস্যসকলে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগ মুৰ্দাবাদ, অসম চৰকাৰ হুচিয়াৰ, গোগামুখ-ঢকুৱাখনা পথ শীঘ্ৰে পুনৰ নিৰ্মাণ কৰক, মন্ত্ৰী ৰণোজ পেগুৰ মইমতালী নচলিব, ৰণোজ পেগু হুচিয়াৰ আদি ধ্বনিৰে গোগামুখৰ আকাশ-বতাহ উত্তাল কৰি তোলে ৷ উল্লেখনীয়, গোগামুখ-ঢকুৱাখনা পথৰ কাষে কাষে ৩ কিলোমিটাৰ পথ পৰ্যন্ত গোগামুখৰ  ৯০ শতাংশ  চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আছে ৷ বিদ্যালয়-মহাবিদ্যালয়, চিকিৎসালয় আদিকে ধৰি আন বিভিন্ন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আছে ৷ উক্ত পথটোৰ নিতৌ শত সহস্ৰাধিক লোকে অহা-যোৱা কৰে ৷

এনেক্ষেত্ৰত গোগামুখ-ঢকুৱাখনা পথ গোগামুখৰ যাতায়াতৰ মেৰুদণ্ড স্বৰূপ । এনে এখন গুৰুত্বপূৰ্ণ জনসাধাৰণৰ যাতায়াতৰ অনুপযোগী কৰাটো অতিকৈ দুৰ্ভাগ্যগনক বুলি গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই আখ্যা দিয়ে ৷ প্ৰতিবাদৰ অন্তত গোগামুখ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ  হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি প্ৰবাল চাংমাই আৰু সম্পাদক নবীন বৰা স্বাক্ষৰিত উক্ত স্মাৰকপত্ৰত তেওঁলোকে উল্লেখ কৰা মতে গোগামুখ আঞ্চলিক ছাত্র সন্থাই অতি দুখ আৰু ক্ষোভেৰে জনাওঁ যে, গোগামুখ-ঢকুৱাখনা সংযোগী ২২ নং ৰাজ্যিক ঘাইপথ অতি শীঘ্রেই পুনৰ নিৰ্মাণৰ দাবীত কেইবাবাৰো গোগামুখ ৰাজহচক্ৰ কাৰ্যালয়ৰ যোগেদি দাবী জনাই অহাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰাত আঞ্চলিক ছাত্র সন্থাই দুখ প্রকাশ কৰিছোঁ।

ৰাজ্যিক ঘাইপথটোৱেদি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, গর্ভবতী মহিলা, ৰোগী আৰু সাধাৰণ শ্রমজীৱি মানুহে কষ্টৰে যাতায়াত কৰিব লগীয়া হৈছে ৷ কিন্তু ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা  জনপ্রতিনিধিজনে এই বিষয়টো কোনো গুৰুত্ব দিয়া নাই ৷ এনে বিধায়কজনৰ এনে  উদাসীনতা কেবল লজ্জাজনক নহয়- এইটো এক প্ৰকাৰৰ বিশ্বাসঘাটকতা ৷ ছাত্ৰ সন্হাই  গোগামুখ-ঢকুৱাখনা সংযোগী ২২ নং ৰাজ্যিক ঘাইপথটো পুনৰ নিৰ্মাণ কৰিবৰ বাবে শেষ বাৰৰ বাবে গোগামুখ আঞ্চলিক ছাত্র সন্থাই পথ-অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে আহ্বান  জনাইছে আৰু  অন্যথা গোগামুখ বাসীৰ ৰাইজৰ সহযোগত সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তোলা হ’ব বুলিও স্মাৰক পত্ৰত উল্লেখ কৰিছে ৷

Related Articles