গোগামুখত পৰিৱেশ সজাগতা সভাঃ নাকেৰে অংকন কৰিলে পৰিৱেশ সম্পৰ্কীয় ছবি

ছবি অংকন কৰি আঠবাৰকৈ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ৰেকৰ্ড কৰিবলৈ সক্ষম হোৱা চিত্ৰশিল্পী শিৰোমণি দলেয়ে শণিবাৰে গোগামুখস্থিত গোগামুখ জেষ্ঠ বালিকা বিদ্যালয়ত পৰিৱেশ সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে পৰিৱেশ সম্পৰ্কীয় ছবি অংকন কৰি সকলোকে আকৰ্ষিত কৰে৷ অসমৰ আগশাৰীৰ থলুৱা পিঠা-পনা বনোৱা প্ৰতিষ্ঠান ভোগালী জলপানৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত পৰিৱেশ সজাগতা সভাত চিত্ৰশিল্পী শিৰোমণি দলেয়ে কয়- পৰিৱেশ ৰক্ষাৰ বাবে সকলোৱে সজাগ হ’ব লাগে ৷ সম্প্ৰতি সমগ্ৰ বিশ্বত দ্ৰুতগতিত পৰিৱেশ প্ৰদূষিত হোৱাত বিশ্বৰ আয়ুস টুটি আহিছে ৷ গতিকে আমি সকলোৱে পৰিৱেশ নিকাকৰণৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে প্ৰতিগৰাকী মানুহে দুজোপাকৈ হ’লেও গছপুলি ৰোপণ কৰিব লাগে ৷

অনুষ্ঠানটোত উপস্থিত থাকি গোগামুখ জেষ্ঠ বালিকা বিদ্যালয়ৰ অধ্যক্ষা সুৱৰ্ণা দলেয়ে ভোগালী জলপানৰ লগতে যুৱ চিত্ৰশিল্পী শিৰোমণি দলেক ভূয়সী প্ৰশংসা কৰে আৰু এনেধৰণৰ সজাগতামূলক কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ লগতে সাধাৰণ লোককো উপকাৰ কৰিব বুলি দোহাৰে ৷ ইয়াৰ পিছতে চিত্ৰশিল্পী শিৰোমণি দলেয়ে বিদ্যালয়খনৰ চোতালত বহুকেইজোপা মূল্যবান গছপুলি ৰোপন কৰে ৷ অনুষ্ঠানটোত উপস্থিত থাকে বিদ্যালয়খনৰ শিক্ষক তুলন মিলি, অতুন চমুৱা, নোমল চন্দ্ৰ দলে, দিলীপ কুমাৰ শইকীয়া, ৰোহিনী শইকীয়া আৰু জ্যোতিপ্ৰসাদ শইকীয়াৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী ৷ উল্লেখনীয় যে যুৱ চিত্ৰশিল্পী শিৰোমণি দলেয়ে মটৰচাইকেল চলাই হেণ্ড ফ্ৰি কৰি চলন্ত অৱস্থাতে নাকেৰে চিত্ৰ অংকন কৰি আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ৰেকৰ্ড স্থাপন কৰাৰ লগতে বিভিন্ন সময়ত বিস্ময়কৰ ছবি অংকন কৰিও ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা ৰেকৰ্ড স্থাপন কৰিবলৈ সক্ষম হৈছে ৷ যুৱ চিত্ৰশিল্পী গৰাকী বৰ্তমান বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কাম কৰি আছে ৷

Related Articles