গোগামুখ বালিকা বিদ্যালয়ত শিক্ষকক বিদায় সম্বৰ্ধনা

ধেমাজি জিলাৰ গোগামুখৰ শৈক্ষিক প্ৰতিষ্ঠান গোগামুখ বালিকা বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক ৰবিন্দ্ৰ বৰগোঁহায়ে বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰাা তেওঁক আজি বিদ্যালয়ৰ পৰিয়ালে বিদায় সম্বৰ্ধনা জনায় ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক গোবিন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত বিদায়-সম্বৰ্ধনা সভাত উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী গোটৰ সম্পাদক নীলমণি পেগুৱে ৷ সভাখনৰ আঁত ধৰে বিদ্যালয়খনৰ সহশিক্ষক নন্দেশ্বৰ কামানে ৷

উল্লেখনীয় যে, অৱসৰপ্ৰাপ্ত শিক্ষক বৰগোঁহাইৰ জন্ম হৈছিল ১৯৬১চনত ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত লাহিবাৰী গাঁৱত ৷ ১৯৮১ চনত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা বি এছ চি পাছ কৰি মিংমাং নলবাৰী হাইস্কুলত সহকাৰী শিক্ষক হিচাপে চাকৰি জীৱন আৰম্ভ কৰে ৷ ২০১০ চনত তেওঁ গোগামুখ বালিকা বিদ্যালয়ত সহকাৰী প্ৰধান শিক্ষক হিচাপে যোগদান কৰে ৷ সুন্দৰভাৱে চাকৰি জীৱন অতিক্ৰম কৰাৰ পিছত ৩১ ডিচেম্বৰত ২০২১ চনত শিক্ষকৰ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ আজি গোগামুখ বালিকা বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰী সকলে চেলেং চাদৰ, গামোচা, মিচিং মাফলাৰ, শৰাই, ফুলৰ থোপাৰে সম্বৰ্ধনা জ্ঞাপন কৰি অৱসৰী সহকাৰী প্ৰধান শিক্ষক ৰবীন্দ্ৰ বৰগোঁহাইলৈ শ্ৰদ্ধা প্ৰদান কৰে ৷ সভাৰ আৰম্ভণিৰ পূৰ্বে বিদ্যালয়ৰ ছাত্ৰী সকলে এখনি সমবেত সংগীত পৰিৱেশন কৰাৰ বিদায়-সম্বৰ্ধনা উপলক্ষে ছাত্ৰী সকলে নৃত্য-গীতো প্ৰদৰ্শন কৰে ৷

Related Articles