বিশিষ্ট লেখক অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ কালিনাথ পাংগিঙৰ নৱতম গ্ৰন্থ “ডট ডট ইতি ইত্যাদি” উন্মোচন

অৱনৰি সাহিত্য গোষ্ঠীৰ উদ্যোগত গোগামুখস্থিত আগম মিগাং নাহেন্দ্ৰ পাদুন পুথিভঁৰাল প্ৰেক্ষাগৃহত বিশিষ্ট সমালোচক তথা ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত শাখা প্ৰৱন্ধক জাতিৰাম কামানে বিশিষ্ট লেখক কালিনাথ পাংগিঙৰ নৱতম গ্ৰন্থ “ডট ডট ইতি ইত্যাদি” গ্ৰন্থখন উন্মোচন কৰে। বিশিষ্ট লেখক তথা সোৱণশিৰি মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক দুষ্যন্ত নৰহে হাত ধৰা গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভাত কালিনাথ পাংগিঙৰ নৱতম গ্ৰন্থ ডট ডট ইতি ইত্যাদিৰ বিষয়ে বিশ্লেষন আগবঢ়ায়। মুঠ ২৩৩ পৃষ্ঠাৰ মুল্যৱান গ্ৰন্থখন অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ হ’ব আৰু গ্ৰন্থখন পঢ়ুৱৈ সমাজে আকোঁৱালি ল’ব বুলি আশাবাদী বিশিষ্ট লেখকগৰাকী।

কালিনাথ পাংগিঙে অসমীয়া -মিচিং-ইংৰাজী ভাষাত অভিধান প্ৰণয়ন কৰাৰ উপৰিও বিভিন্ন তত্বগধুৰ সম্বলিত মুঠ ১৬ খন গ্ৰন্থ ৰচনা কৰি উলিয়াইছে। অৱনৰি সাহিত্য গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে মিচিং আগম কৗবাঙৰ প্ৰাক্তন সভাপতি গোবিন্দ টাইদ,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক টুনিৰাম মেদক, শিক্ষক তথা লেখক ভৱ দলে, অনাতাঁৰ শিল্পী দগনে নিতম ৰীতাদেৱী মেদক, মিচিং আগম কৗবাঙৰ প্ৰাক্তন সচিব ড° ডিম্বেশ্বৰ দলে, দকচিৰি ই আলোচনীৰ সম্পাদক তপনলালৰ লগতে অৱনৰি বাংকে আগম কৗবাং, গোগামুখ শাখা সাহিত্য সভা, গোগামুখ বাংকে আগম কৗবাঙৰ সভাপতি সম্পাদক সকল।

Related Articles