পঞ্চায়ত নিৰ্বাচনত ধেমাজি জিলাত কংগ্ৰেছ(Gogamukh news) দলে শোচনীয় প্ৰদৰ্শন কৰাৰ পাছত দলটোৰ নেতা-কৰ্মীসকলৰ মাজত তীব্ৰ হতাশাই দেখা দিছে ৷ জিলাখনত কংগ্ৰেছ দলটোক সমুখৰ পৰা উপযুক্তভাৱে নেতৃত্ব দিব পৰা নেতা নথকাত দলটোৰ মাজত তীব্ৰ খহনীয়াৰ সৃষ্টি হোৱাৰ বিপৰীতে বিজেপি দলে অধিক আগ্ৰাহী ৰূপ ধাৰণ কৰি দলৰ ভেটি মজবুত কৰাত উঠি-পৰি লগা পৰিলক্ষিত হৈছে ৷
আজি ধেমাজি জিলাৰ গোগামুখ আবতানি লত্তাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত ধেমাজি জিলা কংগ্ৰেছ দলৰ মহিলা সমিতিৰ উপসভানেত্ৰী তথা প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী ডালিমী বসুমতাৰী, সম্পাদিকা তথা প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী ৰেখা দেৱী, কংগ্ৰেছ দলৰ ধেমাজি জিলা সমিতিৰ উপ-সভাপতি গোবিন মহন্ত, জিলা অ বি চি ৰ সভাপতি দিগন্ত চুতীয়া, গোগামুখ মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি কৃষ্ণকান্ত পাতিৰৰ লগতে জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীদ্বয় অজিত বৰুৱা আৰু দিগন্ত হাজৰিকা, সমাজসেৱক তুলসী শৰ্মা আৰু মঞ্জু শৰ্মাই আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।
উপৰিক্ত নেতা-কৰ্মীসকলৰ কংগ্ৰেছ দল ত্যাগে কংগ্ৰেছ দলক ধেমাজি জিলাত গভীৰ সংকটলৈ ঠেলি দিয়াৰ সম্ভাৱনা আছে ৷ কিয়নো এই আটাইকেইজন নেতা-কৰ্মীয়ে কংগ্ৰেছ দলৰ গভীৰ সংকটৰ সময়তো দলটোৰ স্থিতি মজবুত কৰি ৰাখিছিল ৷ আজিৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিজেপি দলৰ পৰা নৱ নিৰ্বাচিত গোগামুখ জিলা পৰিষদৰ সদস্য জ্যোতিপ্ৰভা পেগু দলে, গোগামুখ মণ্ডল বিজেপিৰ সভাপতি দুলেন পেগু আদিয়ে ৷