Gogamukh News: গোগামুখত তিনিখনকৈ কোটি টকীয়া দলঙৰ আধাৰশিলা স্থাপন মন্ত্ৰী ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাই ধেমাজিি জিলাৰ গোগামুখত তিনিখনকৈ কোটি টকীয়া দলঙৰ আধাৰশিলা স্থাপন কৰে ৷(Gogamukh News)শুক্ৰবাৰে মন্ত্ৰী পেগু আৰু সাংসদ বৰুৱাই বিয়লি ২ বজাত গোগামুখৰ লটাক পঞ্চায়তৰ অন্তৰ্গত ৰতোৱা-ফুলবাৰী তথা বৰদৈবাগান সংযোগী দলংখনৰ আধাৰশিলা স্থাপন কৰে ৷ উক্ত দলংখনৰ নিৰ্মাণ যদি সুকলমে সম্পন্ন হয় তেন্তে দলঙখনেৰে লটাক আৰু বৰদৈবাম পঞ্চায়তৰ সহস্ৰাধিক জনগণৰ যাতায়াত সুচল হোৱাৰ লগতে গোগামুখ-ঢকুৱাখনা ৰাজ্যিক ঘাইপথেদি বহিঃঅঞ্চলৰ লগত পোনপটীয়া যোগাযোগ স্থাপন হ’ব ৷

দলংখনৰ আধাৰশিলা স্থাপন কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়-গ্ৰামাঞ্চলৰ ৰাইজৰ প্ৰধানবোৰ সমস্যাই হৈছে বানপানী, গৰাখহনীয়া আৰু যোগাযোগৰ সমস্যা ৷ এই সমস্যাবোৰ সমাধান কৰিবলৈ আমাৰ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ধেমাজি জিলাখনত বানপানী গৰাখহনীয়াৰ সমস্যা প্ৰায় সমাধান হোৱাৰ পথত আগবাঢ়িছে ৷ যাতায়াত তথা যোগাযোগ ব্যৱস্থা সমাধান কৰিবলৈ আমি নিৰন্তৰে কাম কৰি গৈছোঁ বুলি ডাঃ পেগুৱে দোহাৰে ৷

উল্লেখ্য যে,  ৰতোৱা-ফুলবাৰী-বৰদৈবাগান সংযোগী পকী দলংখন বিশ্ববেংকৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অধীনত ৩,৭১,২০,০০০.oo টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব ৷ একেদৰে মন্ত্ৰী পেগু আৰু সাংসদ বৰুৱাই আজি গোগামুখৰ বগলীজান আৰু ভুমা সংযোগী পথৰ পকী দলংখনৰ আধাৰশিলা স্থাপন কৰা হয় ৷ ২০২৪-২৫ বৰ্ষৰ  বিশ্ববেংকৰ পূঁজিৰ দ্বাৰা অনুমোদিত উক্ত দলংখনৰ নিৰ্মাণৰ ব্যয় হ’ব ৩,৫৯,৬৩.৭৭৩ টকা ৷ গোগামুখৰ পুৰণি এন টি ৰোড আৰু  চেনীয়া সংযোগী পকী দলঙৰো আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পেগু আৰু সাংসদ বৰুৱাই ৷ বিশ্ববেংকৰ ২০২৪-২৫ বৰ্ষৰ পূজিৰে ৮,০২,৫৪,৩৮৮,০০ ব্যয় সাপেক্ষে নিৰ্মাণ  হ’ব উক্ত দলংখন ৷

আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী জ্যোতিপ্ৰভা পেগু দলে,  অগপৰ ধেমাজি জিলা সমিতিৰ সভাপতি তোলন কোঁৱৰ, ধেমাজি জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি পুলক চুতীয়া, গোগামুখ মণ্ডল বিজেপিৰ সভাপতি দুলেন পেগু, যুটীয়া সম্পাদক প্ৰাচূৰ্য খনিকৰ, ডি এ চিৰ কাৰ্যবাহী সদস্য ৰাকেশ দেউৰী, শিক্ষামন্ত্ৰীৰ ব্যক্তিগত সহায়ক লক্ষীনন্দন গগৈ আৰু ধেমাজি জিলাক লোকনিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰীসকল ৷

Related Articles