ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান পৰ্বলৈ আৰু মাত্ৰ এসপ্তাহ সময় থাকোঁতে ৰাজনৈতিক দলবোৰে চূড়ান্ত পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছে ৷(Gogamukh News) আজি ধেমাজি জিলাৰ গোগামুখৰ নলবাৰীত বিজেপি মিত্ৰজোঁটৰ হৈ অসম চৰকাৰৰ মন্ত্ৰী উৰ্খা গৌৰ ব্ৰহ্মই নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় ৷ ৩ নং বৰদলনি জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ক্ষমালী বৰদেউৰী দৈমাৰী আৰু গুনৰী ব্ৰহ্মৰ হৈ নলবাৰী পঞ্চায়তত সহস্ৰাধিক ভোটাৰ ৰাইজৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় ৷
নলবাৰী বড়ো ৰাজহুৱা ভৱনত অনুষ্ঠিত হোৱা উক্ত প্ৰচাৰ অভিযানত ইউ জি ব্ৰহ্মই কয়- সমগ্ৰ অসমৰ প্ৰতিটো পঞ্চায়ততে এন ডি এ-ৰ প্ৰাৰ্থীসকলে বিজয়ী হোৱাটো নিশ্চিত ৷ কংগ্ৰেছ দল এতিয়া অসমৰ পৰা নিঃশেষ গৈছে ৷ বহুকেইটা জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত এন ডি এ-ৰ প্ৰাৰ্থীয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে ৷ বৰদলনি জিলা পৰিষদ ক্ষমালী বৰদেউৰী দৈমাৰী আৰু নলবাৰী আঞ্চলিক পঞ্চায়তত গুনৰী ব্ৰহ্ম জয়ী হোৱাটো নিশ্চিত ৷ বৰদলনি জিলা পৰিষদত কংগ্ৰেছ দলে নিয়ম ৰক্ষাৰ বাবে প্ৰাৰ্থী থিয় কৰাইছে ৷ ভোট যুদ্ধত কংগ্ৰেছ দল কোনো প্ৰতিদ্বন্দিতালৈ নাহে বুলিও তেওঁ মন্তব্য দিয়ে ৷ তেওঁ লগতে কয়- কৰ্মপটু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ নেতৃত্বত অসম দ্ৰুতগতিত উন্নয়ন হৈছে ৷
বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি হৈছে আৰু অধিক উন্নয়নৰ বাবে বিজেপি মিত্ৰজোঁটক ভোট দিবলৈ তেওঁ ভোটাৰ ৰাইজক আহ্বান জনায় ৷ নিৰ্বাচনী প্ৰচাৰ সভাত বড়ো কছাৰী কল্যান স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰী, ৩ নং বৰদলনি জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ক্ষমালী বৰদেউৰী দৈমাৰী, নলবাৰী আঞ্চলিক পঞ্চায়তৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গুনৰী ব্ৰহ্ম, এবছুৰ ধেমাজি জিলা সমিতিৰ প্ৰাক্তন সভাপতি শিৱৰাম বসুমতাৰী উপস্থিত থাকে ৷