গোগামুখ আৰক্ষীৰ অভিযানঃ বিক্ৰী কৰিবলৈ নিয়াৰ পথত গড়ৰ খৰ্গসহ তিনি চোৰাং বেপাৰী আটক

কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত চোৰাং চিকাৰীয়ে এটা গড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই গোগামুখত গড়ৰ খৰ্গ উদ্ধাৰ কৰা ঘটনাই প্ৰকৃতিপ্ৰেমী ৰাইজৰ লগতে সাধাৰণ ৰাইজকো সচকিত কৰি তুলিছে ৷  ঘটনাৰ বিৱৰণি মতে লখিমপুৰ জিলাৰ ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত বকুলগুৰিৰ ভীমকান্ত দলে, মিনাৰাম মিলি আৰু জ’ন পেগুৱে  গড়ৰ খৰ্গটো আন এটা গড়ৰ খৰ্গৰ চোৰাং বেপাৰীৰ হাতত ৫০  বিক্ৰী কৰিবলৈ এখন প্লাষ্টিকৰ মোনাত ভৰাই লৈ আহি ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত এদূত গাঁৱৰ নকুল পেগুৰ লগত আশ্ৰয় লয় ৷

উক্ত সকলোবোৰ তথ্য গোগামুখ আৰক্ষীয়ে আগতীয়াকৈ গোপন সুত্ৰে লাভ কৰে ৷ পূৰ্ব পৰিকল্পনা মতে আজি পুৱতি নিশা গোগামুখ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবানন্দ দাসৰ নেতৃত্বত  অসামাৰিক পোছাকত যোৱা  আৰক্ষীৰ দলে নকুল পেগুৰ ঘৰত অভিযান চলাই  গড়ৰ খৰ্গটোৰ লগতে তিনি  গড়ৰ খৰ্গ চোৰাং  বেপাৰী  ভীমকান্ত দলে, মিনাৰাম মিলি আৰু জ’ন পেগুক আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখনীয় যে, নকুল পেগু হৈছে ভীমকান্ত দলেৰ বিয়ৈ হোৱাৰ সুত্ৰে গড়ৰ খৰ্গটো নকুল পেগুৰ ঘৰৰ পৰাই বিক্ৰী কৰাটো সুবিধাজনক হ’ব বুলি ধাৰণা কৰি লৈছিল যদিও গোগামখ আৰক্ষীয়ে  চোৰাং বেপাৰী তিনিটাৰ সকলো পৰিকল্পনা বিফল কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে পেছাত গো-ৰখীয়া নকুল পেগুৱে গড়ৰ খৰ্গ  বেচা-কিনা সন্দৰ্ভত অৱগত হয়নে নহয় তাক জানিব পৰা হোৱা নাই ৷  ঘটনাটোৱে গোগামুখত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু গড়ৰ খৰ্গৰ চোৰাং বেপাৰীৰ বিৰুদ্ধে গোগামুখ আৰক্ষীযে চলোৱা সফল অভিযানক ভূয়সী প্ৰশংসা কৰিছে ৷

Related Articles