সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক সকলো পৰীক্ষাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে গভীৰ অধ্যয়ন কৰাৰ লগতে মানসিক আৰু শাৰিৰীকভাৱেও নিজকে সাজু কৰি তুলিলেহে সফলতা আহিব৷ এই মন্তব্য অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷ ধেমাজি জিলাৰ গোগামুখৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰিজ’লোছন ছিনিয়ৰ ছেকেণ্ডাৰী একাডমীৰ ছুপাৰ ৩০ শুভাৰম্ভ কৰি তেওঁ এইদৰে মন্তব্য আগবঢ়ায়৷ তেওঁ কয় সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ জনসংখ্যা বা ছাত্ৰ-ছাত্ৰী অনুুপাতে বিশেষ সফলতা লাভ কৰিব পৰা নাই৷ কেৱল নীট বা জে ই ই নহয় ৰেলুৱৈ বৰ্ড, ৰাষ্ট্ৰীয় ষ্টাফ ছিলেক্টছন্ছ্ বোৰতো আমাৰ ছাত্ৰ-ছাত্ৰী অনুপাতে ফলাফল আশা ব্যঞ্জক নহয়৷ কেৱল উচ্চ শিক্ষাৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোাগিতামূলক পৰীক্ষাত সজাগতা আনিবৰ বাবে অসম চৰকাৰে য়ুথ কমিছন গঠন কৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলক মানদণ্ডপূৰ্ণ প্ৰশিক্ষণৰ বাবে ডিব্ৰুগড়ত আৰু তেজপুৰত বিগত বৰ্ষত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে৷
আগন্তুক দিনত যোৰহাট আৰু শিলচৰতো এনে প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হ’ব বুলি ডাঃ পেগুৱে দোহাৰে৷ উক্ত কেন্দ্ৰবোৰ বিনামূলীয়াকৈ বা কম খৰচত ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে৷ ৰিজ’লোছন একাডেমীৰ ছুপাৰ ৩০ সন্দৰ্ভত তেওঁ কয়- ৰিজ’লোছন একাডমীয়ে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে সাজু কৰি তুলিবলৈ ছুপাৰ ৩০ নামৰে এটা ক’চিং কেন্দ্ৰ মুকলি কৰিছে৷ উত্তৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত টেষ্ট পৰীক্ষা অনুষ্ঠিত কৰি ইয়াৰ শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলক বাছনি কৰি ছুপাৰ ৩০ গঠন কৰা হৈছে৷এই ৩০ গৰাকীয়ে আগন্তুক বৰ্ষ সৰ্বভাৰতীয় পৰ্যায়ত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিব পাৰিব বুলিও শিক্ষামন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷ তেওঁ ৰিজ’লোছন একাডমীৰ এনে প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে আৰু তেওঁৰ ফালৰ পৰা এই ছুপাৰ ৩০ লৈ আৰ্থিক সাহায্য দিব বুলিও ঘোষণা কৰে৷ ছুপাৰ ৩০ শুভাৰম্ভণি অনুষ্ঠানত গোগামুখ দিৰপাইস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চমুকৈ আই চি এ আৰৰ তত্বাবধায়ক তথা মুখ্য বিজ্ঞানী ড° লোহিত কুমাৰ বৈশ্য, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়া, সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰূপেশ্বৰ চেতিয়া, এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ দলে, ৰিজ’লোছন একাডমীৰ অধ্যক্ষ ৰঞ্জন গগৈ আদিয়ে৷ শুভাৰম্ভণি অনুষ্ঠানৰ আদৰণি ভাষণ দিয়ে ৰিজ’লোছন একাডেমীৰ পৰিচালন- সঞ্চালক শচীন্দ্ৰ দলেয়ে৷