লুড’ কাপ ফুটবল প্ৰতিযোগিতাত গোগামুখ  স্পৰ্ট একাডেমীৰ অগ্ৰগতি

লোকেল ইউনাইটেড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্বন চমুকৈ লুড’ৰ উদ্যোগত ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজ্যিক ভিত্তিত  শনিবাৰৰ পৰা আৰম্ভ  হৈছে লুড’ কাপ  ফুটবল প্ৰতিযোগিতা ৷

প্ৰতিযোগিতাখনৰ আজিৰ এখন খেলত গোগামুখ স্পৰ্ট একাডেমীয়ে ডিব্ৰুগড়ৰ শক্তিশালী ফুটবল দল চাবুৱা এফ চিক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছে ৷

আক্ৰমণ -প্ৰত্যাক্ৰমণেৰে পূৰ্ণ খেলখনত  গোগামুখ স্পৰ্ট একাডেমীৰ হৈ নিৰ্ভৰযোগ্য লেফ্ট উইংগাৰ নৱজ্যোতি টাৱে একমাত্ৰ গ’লটো দিবলৈ সক্ষম হয় ৷

খেলখন পৰিচালনা কৰে  কৰে লাকীৰঞ্জন বৰুৱাই ৷ তেওঁক লাইনত সহায় কৰে বিদ্যুত বিকাশ মিলি, মনোৰঞ্জন বৰগোঁহায়ে ৷ চতুৰ্থ পৰিচালক হিচাপে থাকে আব্দুল মজিদে ৷ মেছ কমিছনাৰ হিচাপে থাকে মনোজ পেগুৱে ৷

Related Articles